Local, Vocal, Global

All India Congress Committee : কংগ্ৰেছ ৱৰ্কিং কমিটি পুনৰ গঠন , অসমৰ গৌৰৱ গগৈ কমিটিৰ নতুন সদস্য হিচাপে নিযুক্তি

নিউজ ডেস্ক, ২০ আগষ্ট : কংগ্ৰেছ ৱৰ্কিং কমিটি পুনৰ গঠন (All India Congress Committee) । গৌৰৱ গগৈক দিয়া হ’ল সাধাৰণ সম্পাদকৰ দায়িত্ব । ৰাষ্টীয় কংগ্ৰেছৰ CWC অৰ্থা ৱৰ্কিং কমিটি পুনৰ গঠনৰ পিছত ইয়াক অনুমোদন কৰিলে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (Congress Working Committee)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দলৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ ৱৰ্কিং কমিটি গঠন কৰা হয় । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত দেওবাৰে এখন নতুন কংগ্ৰেছ ৱৰ্কিং কমিটি (CWC) গঠন কৰে । নতুন চিডব্লিউচিত শশী থাৰুৰ, শচীন পাইলট, ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীকে ধৰি মুঠ ৩৯ গৰাকী নেতা আছে ।

দেওবাৰে প্ৰকাশিত চিডব্লিউচি সদস্যৰ তালিকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰম আৰু ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশৰ দৰে দলৰ জ্যেষ্ঠ নেতাসকল অন্তৰ্ভুক্ত আছে । অন্যান্য বিশিষ্ট নামসমূহৰ ভিতৰত আছে কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এ কে এণ্টনী, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিং, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰ, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, লোকসভাৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল।

তাৰোপৰি নাছিৰ হুছেইন, অলকা লাম্বা, সুপ্ৰিয়া শ্ৰীনেট, প্ৰাণিতি শিন্দে, পৱন খেৰা, গণেশ গোদিয়াল, যশোমতী ঠাকুৰকে ধৰি আন নেতাসকলকো কংগ্ৰেছ ৱৰ্কিং কমিটিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । অহা বছৰ একাধিক ৰাজ্যৰ লগতে লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতিত কংগ্ৰেছ দলে ইয়াৰ কাৰ্যকৰী সমিতি পুনৰ গঠন কৰিছে । যি হৈছে দলটোৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা ।

উল্লেখ্য যে এই কমিটিখনত অন্তৰ্ভুক্ত কৰা সদস্যসকলৰ মুঠ ৩৯ জনৰ ভিতৰত মাত্ৰ তিনিগৰাকী সদস্যৰ বয়স ৫০ বছৰৰ তলৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Rajen Gohain visit to Delhi : সোমবাৰে দিল্লীত ৰাজেন গোহাঁই আৰু অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত