Local, Vocal, Global

Chandrayaan-3 : বুধবাৰে ৬ বজাত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩য়ে

নেশ্যনেল ডেস্ক, ২০ আগষ্ট : দেওবাৰে ইছৰ’ই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে চন্দ্ৰযান-৩ৰ অৱতৰণৰ সময় আৰু তাৰিখ । ২৩ আগষ্ট বুধবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি প্ৰায় ৬:০৪ মিনিটত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩ য়ে । মহাকাশযানৰ অন্তিম গন্তব্যস্থান চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ মাজত আছে মাত্ৰ তিনিটাদিন । এই তিনিদিনৰ পিছতে নিৰ্ধাৰিত সময় অনুসৰি চন্দ্ৰযান-৩ য়ে চন্দ্ৰ বুকুত অৱতৰণ কৰিব । এই কথা দেওবাৰে X ত (পূৰ্বতে টুইটাৰ) এটা পোষ্টৰ জৰিয়তে ইছৰ’ৱে ঘোষণা কৰিছে (Chandrayaan-3 landing date and time officially announced)।

ইছৰ’ই প্ৰকাশ কৰা অনুসৰি চন্দ্ৰযান-৩ য়ে চন্দ্ৰ পৃষ্ঠত অতি সূক্ষ্মভাৱে অৱতৰণ কৰিব  (ISRO)। যাৰ ফলত ভাৰতে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব ।

ইছৰোৱে X (পূৰ্বতে টুইটাৰ)ত প্ৰকাশ কৰিছে যে “চন্দ্ৰযান-৩ য়ে ২৩ আগষ্টত ভাৰতীয় সময় অনুসৰি প্ৰায় ১৮:০৪ বজাত চন্দ্ৰত অৱতৰণ কৰিবলৈ সাজু হৈছে । সকলোৱে জনোৱা শুভেচ্ছা আৰু ইতিবাচক সহাৰিৰ বাবে ধন্যবাদ ! আহক সকলোৱে মিলি এই যাত্ৰাৰ অভিজ্ঞতা অব্যাহত ৰাখোঁ । “

২৩ আগষ্ট বুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ০৬:০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব চন্দ্ৰযান-৩ য়ে । অৰ্থাৎ সকলো ঠিকে থাকিলে ভাৰতে পঠোৱা লেণ্ডাৰ ‘বিক্ৰম’ সেই সময়ত চন্দ্ৰত ভৰি দিব । এই তথ্য দেওবাৰে ঘোষণা কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই । ইছৰোৰ এই ঘোষণাৰ পিছত ভাৰতৰ চন্দ্ৰ অভিযানৰ অন্তিম মুহূৰ্তৰ কাউণ্টডাউন আৰম্ভ হৈছে ।

২৩ আগষ্ট ২০২৩ তাৰিখে ভাৰতীয় সময় অনুসৰি ১৭:২৭ বজাৰ পৰা ইছৰো ৱেবছাইট, ইউটিউব চেনেল, ফেচবুক আৰু ডিডি নেচনেলৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব ।

নিৰ্ধাৰিত সূচী অনুসৰি ‘চন্দ্ৰযান-৩’য়ে বুধবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰি ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এক অনন্য মাইলৰ খুঁটিৰ সৃষ্টি কৰিব । বৰ্তমানলৈ বিশ্বৰ কোনো এখন দেশেই চন্দ্ৰৰ দক্ষিণ মেৰুত এতিয়ালৈকে সফলতাৰে অভিযান সম্পূৰ্ণ কৰিব পৰা নাই ।

বৃহস্পতিবাৰে মহাকাশযানৰ বিক্ৰম লেণ্ডাৰ প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক হোৱাৰ লগে লগে চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কক্ষপথত সফলতাৰে অৱতৰণ কৰিছিল (Chandrayaan-3’s Lander Module )। আৰু তাৰ পিছত গুৰুত্বপূৰ্ণ ডিবুষ্টিং কৌশলৰ সন্মুখীন হয় আৰু অলপ কম কক্ষপথলৈ নামি যায় ।

উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক হোৱাৰ পিছত শুকুৰবাৰে এটা গুৰুত্বপূৰ্ণ ডিবুষ্টিং প্ৰক্ৰিয়াৰ মাজেৰে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰে অতি লেহেমীয়া গতিৰে চন্দ্ৰৰ একেবাৰে কাষৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল (Vikram lander underwent a crucial deboosting manoeuvre) ।

এই ডিবুষ্টিং প্ৰক্ৰিয়া(Deboosting manoeuvre)টো ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি বজাত নিৰ্ধাৰণ কৰা হৈছিল(Chandrayaan-3) ।

ইতিমধ্যে দেওবাৰে ইছৰ’ৱে X (টুইটাৰ ) ত এটা পোষ্টৰ জৰিয়তে উল্লেখ কৰিছে যে, ২৩ আগষ্ট বুধবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি প্ৰায় ৬:০৪ মিনিটত চন্দ্ৰৰ বুকুত অৱতৰণ কৰিবলৈ সাজু চন্দ্ৰযান-৩ য়ে ।

লগতে পঢ়ক : Chandrayaan-3: চন্দ্ৰৰ আৰু এখোজ কাষলৈ আগুৱালে বিক্ৰম লেণ্ডাৰ