Local, Vocal, Global

World Elephant Day : আজি বিশ্ব হস্তী দিৱস,এইবাৰৰ থিম “Safeguarding Elephant Habitats For a Sustainable Tomorrow”

ইন্টাৰনেশ্যনেল ডেস্ক, ১২ আগষ্ট : আজি বিশ্ব হস্তী দিৱস (World Elephant Day)। হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বতে ১২ আগষ্টৰ দিনটোত হস্তী দিৱস পালন কৰা হয় ৷ হস্তী দিৱসৰ এইবাৰৰ থিম হিচাপে হৈছে “Safeguarding Elephant Habitats For a Sustainable Tomorrow” ৷

বিশ্বত হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত দুৰীকৰণৰ বাবে ২০১২ চনৰ পৰাই প্ৰতিবছৰে ১২ আগষ্টৰ দিনটোত বিশ্ব হাতী দিৱস উদযাপন কৰি আহিছে । আমি প্ৰায় হাতী মানুহৰ সংঘাতৰ শুনিবলৈ পাওঁ আৰু হাতী মানুহৰ সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিছে কিন্তু অতীজৰে পৰা হাতী মানুহৰ মাজত আছে এক নিবিড় সম্পৰ্ক ।এই হাতী মানুহৰ সম্পৰ্ক অব্য়াহত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kaziranga National Park)৷

উল্লেখ্য যে বিশ্বত হাতীৰ সুৰক্ষা আৰু হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে ২০১২ৰ পৰা প্ৰতি বছৰে ১২ আগষ্টৰ দিনটোত বিশ্ব হস্তী দিৱস আয়োজন কৰি অহা হৈছে । আজিৰ দিনটোলৈকে ১৫০টা হাতীক কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুন সংস্থাপন কেন্দ্ৰত চিকিৎসা কৰি পুনৰ মুকলি কৰি দিছে অৰণ্যাত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্যৰ প্ৰতীক হ’ল বন বিভাগৰ বিশাল হস্তী বাহিনী ৷ দীৰ্ঘদিনৰ পৰা হস্তী বাহিনীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান, দুৰ্গম এলেকাত নিজৰ কৰ্তব্য পালনৰ দৰে গধূৰ দায়িত্ব পালন কৰি আহিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা ৬৫টা বিভাগীয় হাতীক চৰকাৰী কৰ্মচাৰীৰ দৰে গণ্য কৰে চৰকাৰে।

কিন্তু প্ৰতিদিনে প্ৰাকৃতিক কাৰণতে হওক বা মানৱ সৃষ্ট কাৰণতেই হওক হাতীৰ মৃত্যু ঘটি আছে আৰু হাতী মানুহৰ সংঘাট দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। প্ৰায় সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰি আহিছে হাতী মানুহৰ সংঘাটে । সেয়েহে বৰ্তমান সময়ত ইয়াক ৰোধ কৰাটো প্ৰয়োজন আহি পৰিছে।

লগতে পঢ়ক :Daily Horoscope for 12th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল