Local, Vocal, Global

Congress Leaders Join BJP : চৰাইদেউত কংগ্ৰেছ দলত মোক্ষম আঘাত

নিউজ ডেস্ক, ৩ মাৰ্চ : কংগ্ৰেছত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে( Congress Leaders to Quit Party)।

এইবাৰ চৰাইদেউত কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ দেওবাৰে চৰাইদেউত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাকেশ চেতিয়াসহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপি দলত(Congress Leaders Join BJP) ৷

মৰাণত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন । বিধায়ক যোগেন মহনৰ উপস্থিতে কংগ্ৰেছ কৰ্মীসকলে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত ৷ কংগ্ৰেছ কৰ্মীসকলক বিজেপি লৈ আদৰণি জনাই চৰাইদেউ জিলাত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী শূন্য হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷

লগতে পঢ়ক : STF Seizes Rhino Horn in Sonapur : সোণাপুৰত গঁড়ৰ খৰ্গসহ ৩টা চোৰাং চিকাৰীক আটক