Local, Vocal, Global

STF Seizes Rhino Horn in Sonapur : সোণাপুৰত গঁড়ৰ খৰ্গসহ ৩টা চোৰাং চিকাৰীক আটক

নিউজ ডেস্ক, ৩ মাৰ্চ : সোণাপুৰত গঁড়ৰ খৰ্গসহ ৩টা চোৰাং চিকাৰীক আটক(STF Seizes Rhino Horn in Sonapur) । শনিবাৰে নিশা STF বাহিনীয়ে চলোৱা এক অভিযানৰ সময়ত আটক কৰে ধৃত লোক কেইজনক(STF Assam Arrests Three Poachers) ।

এক বিশেষ তথ্যৰ ভিত্তিত সোণাপুৰৰ এখন লজত শনিবাৰে নিশা STF বাহিনীয়ে অভিযান চলায়। অভিযান চলাই পপুলাৰ ল’জৰ ৩ নং কোঠাত । অভিযানত পপুলাৰ ল’জৰ কোঠাৰ পৰা এটা গঁড়ৰ খৰ্গ জব্দ কৰে । এ এছ ০১ ই এল ৩৩৬৪ আৰু এ এছ ০১ ইজেড ৮০৭৭ নম্বৰৰ দুখন স্কুটি, তিনিটা মোবাইল ফোন, আৰু নগদ ধন জব্দ কৰে লগতে ইয়াৰ লগত জড়িত থকাৰ অভিযোগত তিনিজন লোকক আটক কৰে। আটক কৰা লোককেইজন ক্ৰমে ইক্ৰাম হুছেইন,ৰাজেব আলী,আমিৰুল ইছলাম বুলি জানিব পৰা গৈছে (Seizes Rhino Horn in Sonapur)।

লগতে পঢ়ক : Leopard scare continues in Mohanbari : ডিব্ৰুগড়ৰ মোহনবাৰীত নাহৰফুটুকীৰ আতংক