Local, Vocal, Global

Dumper catches fire on Parbotjhora highway : ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন ডাম্পাৰ

নিউজ ডেস্ক, ৩ মাৰ্চ : ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন ডাম্পাৰ। প্ৰায় ১ ঘণ্টা ধৰি স্তব্ধ যান-বাহন চলাচল(Dumper catches fire on Parbotjhora highway)।

পৰ্বতঝোৰাৰ ৰঙামাটি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনাটো।দেওবাৰে বিয়লি প্ৰায় ২:৩০ বজাত সংঘটিত হয় এই ঘটনাটো। ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জ্বলি উঠিল এখন ডাম্পাৰ । ক’লা ধোঁৱাই নিমিষতে আৱৰি ধৰিলে সমগ্ৰ অঞ্চলটো ।আতংকময় পৰিৱেশৰ মাজত বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছৰ চলাচল(Dumper catches fire on Parbotjhora highway) ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ এঘণ্টা সময় পাৰ হৈ যোৱাৰ পিছতো আৰক্ষী,অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ।

লগতে পঢ়ক : Congress Leaders Join BJP : চৰাইদেউত কংগ্ৰেছ দলত মোক্ষম আঘাত