Local, Vocal, Global

Congress Gen Secy Jairam Ramesh Writes To Election Commission : কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ নিৰ্বাচন আয়োগলৈ এখন বিশেষ পত্ৰ

নেশ্যনেল ডেস্ক, ২ জানুৱাৰী : কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ ভাৰতৰ নিৰ্বাচন আয়োগলৈ এখন বিশেষ পত্ৰ ।

ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়াল চমুকৈ ভি ভি পি এ টিৰ সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগলৈ এখন বিশেষ পত্ৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ ৷

জানিব পৰা মতে,মঙলবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই পত্ৰখন লিখিছে ভি ভি পি এ টিৰ সন্দৰ্ভত ইণ্ডি মিত্ৰজোঁটৰ মতামত দাঙি ধৰিবলৈ প্ৰতিনিধিসকলে যাতে নিৰ্বাচন আয়োগৰ দলক সাক্ষাৎ কৰিব পাৰে ৷

মঙলবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদকে নিৰ্বাচন আয়োগলৈ লিখা পত্ৰখনত উল্লেখ আছে, ‘‘ইণ্ডিয়াৰ ৩-৪ জনীয়া প্ৰতিনিধিৰ দলে আপোনাৰ আৰু আপোনাৰ সহকৰ্মীৰ সাক্ষাৎ বিচাৰিছো ৷ ভি ভি পি এ টিৰ সন্দৰ্ভত আমাৰ দৃষ্টিভংগী দাঙি ধৰিবলৈ এই সাক্ষাৎ বিচাৰিছো ৷ এইটো এটা সম্পূৰ্ণ যুক্তিসঙ্গত আৰু বৈধ অনুৰোধ(Jairam Ramesh writes to CEC) ৷’’

পত্ৰখনত কোৱা হৈছে, ‘‘ই ভি এম সম্পৰ্কীয় উদ্বেগজনক বিষয়ে আলোচনা কৰিবলৈ কেইবাবাৰো নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু প্ৰতিনিধি দলৰ স্মাৰকপত্ৰৰ বিষয়ে ই চি আয়ে দিয়া স্পষ্টীকৰণক সাধাৰণ বুলি দিয়া আখ্যা দিয়া হয় ৷ ” পত্ৰখনত কোৱা হৈছে ” বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো ইণ্ডি মিত্ৰজোঁটৰ প্ৰতিনিধিদলৰ সৈতে কোনো বৈঠক হোৱা নাছিল(Congress Gen Secy Jairam Ramesh Writes To Election Commission) ।’’

লগতে পত্ৰখনত উল্লেখ কৰে যে, ২০২৩ চনৰ ২ অক্টোবৰত পৰামৰ্শৰ জৰিয়তে আমাৰ দ্বাৰা এক প্ৰতিনিধিত্ব দল প্ৰেৰণ কৰা হৈছিল। প্ৰতিনিধি দলটোৱে নিৰ্দিষ্ট উদ্বেগ উত্থাপন কৰিছিল যিবোৰ ২০২৩ৰ ২৩ আগষ্টত ই চি আইৰ স্পষ্টীকৰণত সম্বোধন কৰা হোৱা নাছিল । কোনো সঁহাৰি পোৱা নগ’ল ৷ পত্ৰখনত উল্লেখ কৰা হৈছে যে প্ৰতিনিধি দলটোৱে ২০২৩ৰ ১৯ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত ইণ্ডি মিত্ৰজোঁটৰ প্ৰতিনিধিৰ বৈঠকত গৃহীত এক প্ৰস্তাৱৰ ওপৰত আধাৰিত কৰি ভি ভি পি এ টি ব্যৱহাৰৰ বিষয়ে আলোচনা আৰু পৰামৰ্শ প্ৰদান কৰিবলৈ ২০২৩ৰ ২০ ডিচেম্বৰ তাৰিখে পুনৰ এপইণ্টমেণ্ট বিচাৰিছিল ৷

লগতে পঢ়ক : Japan Earthquake : জাপানত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১৫জনলৈ বৃদ্ধি