Local, Vocal, Global

Assamese Actor Deepjyoti Keot Hospitalised : ৪৮ ঘণ্টা চিকিৎসকৰ নিৰীক্ষণত থাকিব মোহন

নিউজ ডেস্ক, ২জানুৱাৰী : মহানগৰীৰ হেল্থচিটী হাস্পতালত ভৰ্তি হৈ আছে ‘মোহন’খ্যাত জনপ্ৰিয় অভিনেতা তথা দ্বীপজ্যোতি কেওট ।

মঙলবাৰে পুৱালৈ সকলো ৰিপ’ৰ্ট ঠিকেই আছে যদিও ৪৮ ঘণ্টাৰ পিছতহে জনপ্ৰিয় অভিনেতাজন সংকটমুক্ত নে চিকিৎসালয় কৰ্তৃপক্ষই সদৰি কৰিব।

সোমাবাৰে নিশা প্ৰায় ৯মান বজাত দ্বীপজ্যোতি কেওটৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হয়। হৃদৰোগ বিশেষজ্ঞ ডাঃ মায়াংক আগৰৱালাৰ তত্বাৱধানত চিকিৎসকৰ এটা দলে সম্পন্ন কৰে এনজিঅ’প্লাষ্টি অস্ত্ৰোপচাৰ(Deepjyoti Keot Of Beharbari Outpost Hospitalised)।

উল্লেখ্য যে, সোমবাৰে বিয়লিৰ ভাগত মহানগৰীৰ হেল্থ চিটি হাস্পতাললৈ স্বাস্থ্য পৰীক্ষা কৰাবলৈ গৈছিল আৰু মোহনক হঠাতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ডাঃ চন্দনা শৰ্মাই পৰীক্ষা কৰি কেতবোৰ বিশেষ পৰীক্ষা কৰাবলৈ দিয়াৰ পাছত পোহৰলৈ আহিছিল মোহনৰ হাৰ্ট এটেক হোৱাৰ কথা। শীঘ্ৰেই অস্ত্ৰোপচাৰ কৰাব লাগিব।

সেই অনুসৰি ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দলৰ দ্বাৰা সম্পন্ন কৰা হ’ল এটা জটিল অস্ত্ৰোপচাৰ।

সোমবাৰৰ তুলনাত আজি স্বাস্থ্য কিছু উন্নত আৰু সুস্থিৰ যদিও দ্বীপজ্যোতি কমেও আৰু ৫ দিন হাস্পতালত থাকিব লাগিব বুলি জানিব পৰা গৈছে (Assamese Actor Deepjyoti Keot Hospitalised )।