Local, Vocal, Global

অসমক গঢ়ি তোলক পাচঁখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন,দেৱব্ৰত শইকীয়াৰ আহ্বান

বিৰুধী দল কংগ্ৰেছ আৰু বি পি এফে কভিড পৰিস্থিতিৰ পৰা ৰাজ্যখনক মুক্ত কৰাৰ লগতে দেশৰ পাচঁখন আগশাৰীৰ ৰাজ্যৰ ভিতৰত অসমক অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ নৱনিৰ্বাচিত চৰকাৰখনক আহ্বান জনাইছে। কালি শপত গ্ৰহন কৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোটৰ নৱনিৰ্বাচিত চৰকাৰখনক আদৰণি জনাই প্ৰথমে কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই কয় যে নতুন চৰকাৰখনে অসমৰ প্ৰতিজন লোকক কভিডৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে, ধন জন ৰক্ষা কৰিব লাগে, নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাৰ লগতে অসমক পাঁচখন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে নিৰ্বাচনৰ সময়ত হিমন্তবিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰা হাগ্ৰামা মহিলাৰী য়ে আজি শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি নৱনিৰ্বাচিত চৰকাৰখনক শুভেচ্ছা জ্ঞাপন কৰিছে।তেওঁ কয়-হিমন্তদা মুখ্যমন্ত্ৰী হোৱাত মই বহুত সুখী হৈছো। নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰতিসমূহ নতুন চৰকাৰখনে পূৰণ কৰিব পাৰিব বুলি আশা ৰাখিছোঁ।