Local, Vocal, Global

Constituency Delimitation Assam : ৰাষ্ট্ৰপতিয়ে চূড়ান্ত অনুমোদন জনালে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ তালিকাত

নিউজ ডেস্ক, ১৬ আগষ্ট : ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছত আজি বুধবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে তালিকাখনত অনুমোদন জনায় (Constituency Delimitation Assam)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে টুইটযোগে জানিবলৈ দিয়ে । অসমৰ ইতিহাসত তেওঁ ইয়াক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি উল্লেখ কৰে (Election Commission of India)।

উল্লেখ্য, ১১ আগষ্টত সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল(Constituency Delimitation 2023)। ৰাজ্যখনৰ লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত ১৯টা বিধানসভা সমষ্টিৰ নাম সলনি কৰা হৈছিল আৰু এটা লোকসভাৰ নাম সলনি কৰি কৰা হৈছিল কাজিৰঙা ।

বুধবাৰে বিয়লি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰী কৰিলে এই তথ্য ৷ নিজৰ টুইটাৰত লিখিছে “আজি মাননীয় ৰাষ্ট্ৰপতিয়ে অসমৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে জাৰি কৰা সীমা নিৰ্ধাৰণ অধিসূচনাত অনুমোদন জনাইছে । অসমৰ ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰা হৈছে । জয় মা ভাৰতী জয় আই অসম ৷”

নিৰ্বাচন আয়োগে গ্ৰামাঞ্চলত গাঁও আৰু চহৰাঞ্চলত ৱাৰ্ডক ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা এই তালিকাত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা আসনৰ সংখ্যা ৮ৰ পৰা ৯ খনলৈ আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা আসনৰ সংখ্যা ১৬ খনৰ পৰা ১৯ খনলৈ বৃদ্ধি কৰে। বড়োলেণ্ডৰ জিলাবোৰত বিধানসভা আসনৰ সংখ্যা ১১ খনৰ পৰা ১৫ খনলৈ বৃদ্ধি কৰাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাত বিধানসভাৰ এখন আসন বৃদ্ধি কৰা হৈছিল।

ধেমাজি জিলাত এখন আসন অসংৰক্ষিত কৰা হৈছিল । লগতে ডিফু আৰু কোকৰাঝাৰ লোকসভা আসনকেইখন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকিব যদিও লখিমপুৰ লোকসভা আসনখন অসংৰক্ষিত কৰা হৈছিল। আনহাতে, বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত দুখন লোকসভা আসনেই ৰখা হৈছে।

লগতে পঢ়ক : DGP reaction on police personnel death : পেৰেড কৰাৰ সময়ত আৰক্ষীৰ লোক ঢলি পৰাটো অস্বাভাৱিক নহয় – জি পি সিঙৰ মন্তব্য