পৰেশ বৰুৱাৰ বাৰ্তা লৈ দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পৰেশ বৰুৱাৰ বিশেষ বাৰ্তালৈ তিনিদিনীয়া ভ্ৰমণ সূচীৰে সোমবাৰে দুপৰীয়া নতুন দিল্লীলৈ ৰাওনা হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ নতুন দিল্লীত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰক্ষামন্ত্ৰীক সাক্ষাৎ কৰি দহ নৱেম্বৰত গুৱাহাটীলৈ উভতি আহি পুনৰ বাৰ নৱেম্বৰত মুম্বাইলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ৷ ইয়াৰ লগতে মংগলবাৰে মুম্বাইলৈ ৰাওনা হ’ব BJPৰ সকলো বিধায়ক ৷
ভীষণ ব্যস্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ দিনে–নিশাই চৰকাৰী কাম কৰি থকাৰ মাজতে দলীয় কাম-কাজো কৰি গৈছে মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ মাজতে দিল্লী-বাংগালুৰু আদিলৈ যাত্ৰা ৷ তাৰ লগতে বিগত ৩০ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা পাঁচ সমষ্টিৰ উপ–নিৰ্বাচনৰ পূৰ্বে অভাৱনীয়ভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই পাঁচ সমষ্টিতে BJP-UPPLৰ প্ৰাৰ্থীক জিকাই আনিলে ৷
এনে ভীষণ ব্যস্ততাৰ মাজতে সোমবাৰে দুপৰীয়া তিনিদিনীয়া ভ্ৰমণসূচী লৈ নতুন দিল্লীলৈ গ’ল মুখ্যমন্ত্ৰী ড° শৰ্মা ৷ নতুন দিল্লীত মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক ৷
মুখ্যতঃ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে আলোচনা প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ সন্দৰ্ভ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰক্ষামন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে মুখ্যমন্ত্ৰী ড° শৰ্মাই কথা পাতিব বুলি জানিব পৰা গৈছে ৷ লগতে কথা পাতিব নগা শান্তি আলোচনাৰ সন্দৰ্ভতো৷ এই আলোচনালানিত অংশ লৈ দহ নৱেম্বৰত গুৱাহাটীলৈ উভতি আহিব মুখ্যমন্ত্ৰী ৷
বাৰ নৱেম্বৰত মুখ্যমন্ত্ৰী ৰাওনা হ’ব মুম্বাইলৈ ৷ মুম্বাইত দেশৰ সকলো BJPৰ বিধায়কক লৈ আয়োজন কৰা হৈছে তিনিদিনীয়া এক প্ৰশিক্ষণ শিৱিৰ ৷
এই প্ৰশিক্ষণ শিৱিৰত গৃহমন্ত্ৰী অমিত শ্বাহ, BJPৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে NEDAৰ আহ্বায়ক তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো BJPৰ বিধায়কসকলক প্ৰশিক্ষণ দিব ৷ ইয়াৰ বাবে মঙলবাৰে অসমৰ পৰা BJPৰ সকলো বিধায়ক ৰাওনা হ’ব মুম্বাইলৈ ৷ অৰ্থাৎ মঙলবাৰৰ পৰা অসমত নাথাকিব BJPৰ কোনো বিধায়ক ৷