Local, Vocal, Global

দেশৰ ভিতৰতে স্বচ্ছতাৰ তালিকাত খ্যাতি লাভ কৰা এখন গাঁও

দেশৰ ভিতৰতে স্বচ্ছতাৰ তালিকাত খ্যাতি লাভ কৰা  অসমৰ এখন পৰিস্কাৰ পৰিচন্নতাৰ নিদৰ্শন দাঙি ধৰা প্লাষ্টিকমুক্ত গাঁও

কভিড-১৯ য়ে স্পৰ্শ কৰিব নোৱাৰা গাঁও খনৰ নাম  ছিকদামাখা ।

দেশত কৰ’না মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰি থকাৰ সময়তে এখন গাঁৱত সেই মহামাৰীয়ে স্পৰ্শ পৰা নাছিল। যি সময়ত

দিনক দিনে বৃদ্ধি পাইছিল কৰ’নাত আক্ৰান্তৰ সংখ্যা তেনে সময়তো এজনো ব্যক্তি ক’ৰোনাত আক্ৰান্ত হোৱা নাছিল গাঁও খনত । কভিডৰ সংক্ৰমন হ্ৰাস কৰাৰ বাবে চৰকাৰে বান্ধি দিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ এতিয়াও বন্ধ আছে আন্ত:জিলা যাতায়ত । তাৰ মাজতে এক আশ্চৰ্য্যজনক সুখবৰ ৷ ৰাজ্যৰ ভিতৰতে কৰ’নামুক্ত গাঁও হিচাপে চিহ্নিত হ’ল এখন গাঁও ৷ পৰ্বতীয়া এই গাঁওখনৰ নাম হ’ল চিকদামাখা ৷

জাগীৰোডৰ পৰা প্ৰায় ৫০ কিঃমিঃ দূৰৰ  পশ্চিম কাৰ্বি আংলং জিলাত অৱস্থিত তিৱা বসতি পূৰ্ণ এই গাঁওখন কৰ’না মহামাৰীৰ কোনোটো ঢৌত সম্প্ৰতি আক্ৰান্ত হোৱা নাই এজনো লোক  ৷ ভাৰতৰ ভিতৰতে স্বচ্ছতাৰ গাঁৱৰ তালিকাত খ্যাতি লাভ কৰা এই গাঁওখনে সম্প্ৰতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰ’নামুক্ত গাঁও হিচাপে লাভ কৰিছে চৰ্চা ৷

স্থানীয় লোকে জানিবলৈ দিয়ামতে চৰকাৰে বান্ধি দিয়া কৰ’না মহামাৰীৰ বিধি আৰোপ কৰাৰ পূৰ্বেই কৰ’নাক প্ৰতিহত কৰিবলৈ গাঁওবাসীয়ে নিজা উদ্যোগত অৱলম্বন কৰিছিল সজাগতা ৷ জাগীৰোডৰ পৰা পৰা প্ৰায় ৫০ কিলো’মিটাৰ দূৰৈত পাহাৰী জিলা কাৰ্বি আংলঙত অৱস্থিত ৯০ ঘৰ তিৱা লোকে বসবাস কৰা ছিকদামাখা গাঁওখনত প্ৰতিঘৰতে আছে চেনিটাইজাৰৰ সু-ব্যৱস্থা ৷

প্ৰায় ৯০ শতাংশ লোকে শিক্ষিত মুঠ ৬০০ লোকে বসবাস কৰা এই গাঁওখন ।

স্বচ্ছতাৰ লগতে গাঁওখন প্লাষ্টিকমুক্তও ৷ গাঁওখনৰ প্ৰতিজন লোকে পৰিস্কাৰ-পৰিচ্ছন্নতা, শৃংখলাবদ্ধভাৱে কৰা আত্মনিয়ন্ত্ৰণৰ বাবে কৰ’নাৰ প্ৰথম ঢৌ আৰু দ্বিতীয়টো ঢৌৱেও সংক্ৰমন কৰিব পৰা নাই এজনো লোকক ৷