Local, Vocal, Global

মিজোৰ আক্ৰমণত ঘৰ এৰি পলাইছে সীমান্তবৰ্তী অসমীয়া

মিজোৰ আক্ৰমণত ঘৰ এৰি পলাইছে সীমান্তবৰ্তী অসমীয়া ।

এতিয়াও উত্তেজনা বিৰাজ কৰিছে হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্ত:ৰাজ্য সীমান্তত । যোৱা এসপ্তাহ পৰা চল‍া মিজোৰামৰ অবিৰত আক্ৰমণৰ ফলতে এতিয়া ঘৰ এৰি পলাব আৰম্ভ কৰিছে সীমান্তবাসি অসমীয়ায় ।

 

যোৱা ১৩ আগষ্টৰ নিশা এটা ভয়াবহ বিষ্ফোৰনে কপি উঠিছিল হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্ত:ৰাজ্য সীমান্ত । নিশা সীমান্তবৰ্তী ছাহেবমাৰা ফাকুয়‍াপুঞ্জি নিম্ন প্ৰাথমিক বিদ্যালয়ত গ্ৰেণেড নিক্ষেপ কৰি ক্ষতি সাধন কৰিছিলে মিজো দুৰ্বৃত্তয় । ইয়াৰ ঠিক চাৰি দিন পিছতে ১৭ আগষ্টৰ পোৱা ২ বজাত পুনৰ মিজো দুষ্কৃতিয়ে হাইলাকান্দি জিলাৰ ধলছেড়া বিলাইপুৰ এলেকাৰ চুন্নিলাল টিলাত চলায় আগ্ৰাসনৰ চেষ্টা । আচলতে সীমান্ত এলেকাত অসমৰ গ্ৰামোন্নয়ন বিভাগে চলোৱা এমজিএনৰেগাৰ কামত বাধা দিয়াৰ উদ্দেশ্য মিজোয় চলায় এই আগ্ৰাসন । মিজোক ৰোধিবলৈ সীমান্তত থকা অসম আৰক্ষীয়ে চলাব লগা হয় গুলি ।

 

ইপিনে, হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায়ে এই গুলিয়াগুলিৰ কথ‍া স্বীকাৰ কৰি মিজোৰামৰ ফালৰ পৰা প্ৰথমে আক্ৰমন কৰা হৈছিল বুলি উল্লেখ কৰে । ইয়াৰ জবাবত অসম আৰক্ষীয়ে গুলি চলাবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায়ে ।

 

আনফালে, যোৱা এসপ্তাহৰ পৰা অবিৰত চলা মিজোৰামৰ আক্ৰমণ আৰু আগ্ৰাসনৰ কাৰণত ভিতিগ্ৰস্থ হৈ পৰিছে সীমান্তবাসী অসমীয়া । সীমান্তবৰ্তী ধলছেড়া বিলাইপুৰ এলেকাৰ দাড়াসিং টিলাৰ পৰা এতিয়া বাড়িঘৰ এৰি নিৰাপদ আশ্ৰয়ৰ উদ্দেশ্যে পলাবলৈ আৰম্ভ কৰিছে গঞায় ।