Local, Vocal, Global

CISF constable in honey trap: পুনৰ হানিট্ৰেপিঙৰ চাঞ্চল্যকৰ ঘটনা; হানিট্ৰেপিঙৰ বলি CISFৰ কনিষ্টবল

ইন্টাৰনেশ্য়নেল ডেস্ক, ৯আগষ্ট : পুনৰ হানিট্ৰেপিঙৰ ঘটনা । হানিট্ৰেপিঙৰ চাঞ্চল্যকৰ ঘটনা ৷ পুনৰ পাকিস্তানত হানিট্ৰেপিঙৰ ঘটনা সংঘটিত ।পাকিস্তানাৰ বিশাসাপত্তনম জিলাত সংঘটিত হানিট্ৰেপিঙৰ ঘটনা । এইবাৰ পাকিস্তানী মহিলাৰ ছলনাত চি.আই.এছ.এফ কনিষ্টবল( CISF constable in honey trap ) ৷

প্ৰাপ্ত তথ্য অনুসৰি , সামজিক মাধ্য়মত সামাজিক মাধ্যমৰ জৰিয়তে কপিল নামৰ এজন কনিষ্টবল জনে তামিশা নামৰ এগৰাকী পাকিস্তানী যুৱতীক লগ পাইছিল ৷ আৰু দুয়োয়ে প্ৰায় নগ্ন ভিডিঅ’ কল কৰিছিল ৷ দুইবছৰ আগতে লগ ফেচবুকৰ জৰিয়তে তামিশাৰ সৈতে পৰিচয় হৈছিল আৰু দুয়ো প্ৰায় ভিডিঅ কল কৰিছিল(CISF Constable Posted In Visakhapatnam Steel Plant Suspected To Be Honey Trapped By Pakistani Woman) ।

এই সম্পৰ্কে কপিলৰ ওপৰৰত সন্দেহ হোৱাত উৰ্ধ্বতম কৰ্তৃপক্ষই কপিলক নিৰীক্ষণ কৰিছিল আৰু প্ৰাথমিক অনুসন্ধানত কৰিছিল । প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহে বহু প্ৰমাণ ৷ এই প্ৰমাণৰ ওপৰত ভিত্তি কৰি সম্প্ৰতি কপিলক আটক কৰে আৰু জেৰা কৰে(CISF constable trapped in Pakistans honeytrap) ৷

জানিব পৰা মতে, গুজৰাটত ঘৰ কপিল কুমাৰৰ ।কপিল কুমাৰে প্ৰথমে হায়দৰাবাদৰ ‘ভাৰত ডাইনামিক্স লিমিটেড’ত কাম কৰিছিল ৷ তাৰ পিছত ২ আগষ্ট, ২০২২ ত বিসখা ষ্টীল প্ৰকল্প সুৰক্ষাত যোগদান কৰিছিল ৷ বৰ্তমান তেওঁ চি.আই.এছ.এফ.ৰ অগ্নি নিৰ্বাপক বিভাগত কৰ্মৰত ৷

উল্লেখ্য যে, তামিশা নামৰ যুৱতী গৰাকী এটা সন্ত্ৰাসবাদী সংগঠনৰ এজন জ্যেষ্ঠ নেতাৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত ৷ শীৰ্ষ বিষয়াসকলে সন্দেহ কৰা অনুসৰি, যোৱা দুবছৰ ধৰি কপিলৰ পৰা ইস্পাত প্ৰকল্পৰ বিষয়ে গোপনীয় তথ্য লাভ কৰিছিল তামিশাই ৷ জানিব পৰা মতে, পাকিস্তানী চোৰাংচোৱা সংস্থাই যুৱতীগৰাকীৰ জৰিয়তে ভাৰতৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে সম্পৰ্কিত তথ্য লাখ কৰিবলৈ এই ষড়যন্ত্ৰ কৰিছিল( CISF constable in honey trap Nude call with Pakistani woman) ৷

যেতিয়াই কপিলৰ ফোন ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়াই কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই জানিব পাৰিছিল যে কিছু সময়ৰ বাবে ছ’চিয়েল মিডিয়াত পাকিস্তানক গোপন তথ্য প্ৰেৰণ কৰা হৈছিল ৷ যেতিয়া কপিলৰ ফোনৰ যোগাযোগ থকা নম্বৰসমূহৰ পৰীক্ষা কৰে তেতিয়া পোহৰলৈ আহে তামিশাৰ নামত এটা নম্বৰ ছেভ হৈ আছিল ৷

ইফালে ঘটনাসন্দৰ্ভত ১ আগষ্টত কপিলৰ পৰা দুটা মোবাইল ফোন উদ্ধাৰ কৰা হয় যদিও ৪ আগষ্টত কপিলৰ তাত আন এটা এণ্ড্ৰইড ফোন থকাৰ কথা পোহৰলৈ আহে ৷

জানিব পৰা মতে ইতিমধ্যে কনিষ্টবল কপিলে বহুতো গোপন তথ্য শ্বেয়াৰ কৰিছিল অনলাইন বান্ধৱীৰ সৈতে ৷ বিসখা ষ্টীল প্ৰকল্পত নিৰাপত্তা কৰ্তব্যত চি.আই.এছ.এফ. কনিষ্টবল কপিল কুমাৰৰ ইতিমধ্যে আটক কৰি জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Encounter in Guwahati : চিলনী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা, গুলীবিদ্ধ চোৰ হত্যাকাণ্ডৰেও জড়িতৰ অভিযোগ