Local, Vocal, Global

No-confidence motion in Lok Sabha : সদনৰ ভাষণত ৰাহুল গান্ধীয়ে কঠোৰভাৱে আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক

নেশ্যনেল ডেস্ক, ৯ আগষ্ট : লোকসভাত অনাস্থা প্ৰস্তাৱ বিতৰ্কৰ আজি দ্বিতীয় দিন (No-confidence motion in Lok Sabha)। সাংসদ পদ পুনৰ ঘূৰাই পোৱাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে প্ৰথম ভাষণত অনাস্থা প্ৰস্তাৱৰ ওপৰত বক্তব্য প্ৰদান কৰে (No-confidence motion in Lok Sabha) । ৰাহুল গান্ধীৰ ভাষণৰ পিছতে সদনত হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । সদনৰ ভাষণত ৰাহুল গান্ধীয়ে কঠোৰভাৱে আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ।

উল্লেখ্য যে কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া মিত্ৰজোঁটে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে (Modi is criticized by Rahul Gandhi)। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল । সদনৰ মজিয়াত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পানী নসৰকা ভাষণে ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা ৷ অশান্ত মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক মঙলবাৰে সদনত বলিষ্ঠ ভাষণেৰে থকা সৰকা কৰে কলিয়াবৰ সমষ্টিৰ সাংসদগৰাকীয়ে ৷

বিজেপি সাংসদসকলে ৰাহুল গান্ধীৰ ভাষণৰ মাজতে উত্তপ্ত কৰি তুলে সদন (No Confidence Motoin Rahul Gandhi Speech in Parliament) । ভাষণৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে তেওঁক সাংসদ পদ ঘূৰাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে লোকসভাত মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত বক্তব্য ৰাখে ।

ৰাহুলে ভাষণত কয়, “মোক লোকসভাৰ সদস্য হিচাপে পুনৰ প্ৰতিস্থাপন কৰাৰ বাবে মই ওম বিৰলা ছাৰক ধন্যবাদ জনাইছোঁ ।”উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে বিগত সপ্তাহত ‘মোদী উপাধি মন্তব্য গোচৰ’ত দোষী সাব্যস্তকৰণৰ ওপৰত স্থগিতাদেশ প্ৰদানৰ পিছত লোকসভালৈ উভতি অহাৰ পিছত এইটো হৈছে ৰাহুল গান্ধীৰ সদনত প্ৰথম ভাষণ । ৰাহুল গান্ধীয়ে নিজৰ ভাষণত চৰকাৰৰ বিৰুদ্ধে কেইটামান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে ।

নিজৰ ভাষণত ৰাহুলে কয়, “অন্তিমবাৰ যেতিয়া মই সদনত বক্তব্য ৰাখিছিলোঁ, তেতিয়া আপোনাক অসুবিধাত পেলাইছিল, যিহেতু মই গৌতম আদানিৰ ওপৰত গুৰুত্ব দিছিলোঁ । ই আপোনাৰ (বিজেপি) জ্যেষ্ঠ নেতাসকলক অসুবিধাত পেলাইছিল । মই ক্ষমা বিচাৰিছোঁ, কিন্তু মই সঁচা কথা কৈছিলোঁ ।”তেওঁ কয়, “বিগত বছৰ মই ১৩০ দিনৰ বাবে আন লোকসকলৰ সৈতে ভাৰতৰ এটা কোণৰ পৰা আন এটা কোণলৈ ভ্ৰমণ কৰিছিলোঁ । সাগৰৰ পৰা কাশ্মীৰলৈ মই খোজ কাঢ়িছিলোঁ । মই লাডাখো এৰি যোৱা নাছিলোঁ । (ভাৰত) যাত্ৰা সমাপ্ত হোৱা নাই । যাত্ৰাৰ সময়ত বহু লোকে মোক সুধিছিল আপোনাৰ লক্ষ্য কি । আপুনি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কিয় গৈ আছে ? প্ৰথমতে মোৰ ওচৰত কোনো উত্তৰ নাছিল । মই নাজানো মই কিয় যাত্ৰা আৰম্ভ কৰিছিলোঁ । যেতিয়া মই যাত্ৰা আৰম্ভ কৰিছিলোঁ তেতিয়াহে মই বুজি পালোঁ মই মানুহৰ মাজত থাকিব বিচাৰিছিলোঁ ।”

নিজৰ ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত ৰাহুল গান্ধীয়ে লগতে কয়, “যাৰ বাবে মই মৰিবলৈ সাজু, যাৰ বাবে মই কাৰাগাৰলৈ যাবলৈ সাজু, যাৰ বাবে মই ১০ বছৰ ধৰি তিৰস্কাৰ শুনি আহিছোঁ, সেইটো কি, যাৰ ওচৰত মই থাকিব বিচাৰোঁ, তাক মই বুজিব বিচাৰিছিলোঁ । দৈনিক পুৱা ৬ বজাৰ পৰা নিশালৈকে- মই সকলোৰে কথা শুনিছিলোঁ, সেয়া হৈছে দেশৰ জনসাধাৰণৰ কণ্ঠ ।”

আনাস্থা বিতৰ্কত মণিপুৰক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, “মই মণিপুৰৰ সাহায্য শিবিৰলৈ গৈছিলোঁ আৰু মহিলাসকলৰ সৈতে কথা পাতিছিলোঁ । কিন্তু মই আপোনালোকক দুটা উদাহৰণ দিব বিচাৰোঁ । এগৰাকী মহিলাই কৈছিল যে তেওঁৰ মাত্ৰ এটা সন্তান আছিল আৰু সন্তানটোক তেওঁৰ সন্মুখতে গুলীয়াই হত্যা কৰা হৈছিল । মহিলাগৰাকীয়ে কৈছিল যে তেওঁ গোটেই নিশাটো মৃত সন্তাটোৰ সৈতে আছিল । তেওঁ কৈছিল যে তেওঁ সকলো হেৰুৱাইছে । আন এটা শিবিৰত এগৰাকী মহিলাক তেওঁৰ কি হৈছে বুলি সোধাত তেওঁ কঁপিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছত তেওঁ মূৰ্ছা গৈছিল । এই লোকসকলে (বিজেপি) মণিপুৰত হিন্দুস্তানক হত্যা কৰিছে । তেওঁলোকে মণিপুৰত দেশখনক হত্যা কৰিছে ।”

লগতে তেওঁ কয়, মণিপুৰক ভাঙি টুকুৰা টুকুৰ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে। এই অশান্ত মণিপুৰলৈ তেওঁ এবাৰৰ বাবেও নগ’ল। অথচ তেওঁ দেশৰ আন আন ঠাইলৈ গৈছে । ভ্ৰমণ কৰিছে । কিয় মণিপুৰলৈ যোৱা নাই? কিয় তেওঁৰ মণিপুৰলৈ যোৱাৰ সময় নাই?

আনহাতে, বিজেপি তথা প্ৰধানমন্ত্ৰীক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয়, “ৰাৱণে কেৱল দুজন লোকৰ কথা শুনিছিল- মেঘনাদ আৰু কুম্ভকৰ্ণৰ । একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুজন মানুহৰে কথা শুনে । তেওঁলোক হৈছে অমিত শ্বাহ আৰু গৌতম আদানি । লংকা হনুমানে জ্বলোৱা নাছিল, কিন্তু ৰাৱণৰ অহংকাৰে জ্বলাইছিল । আপুনিও সমগ্ৰ দেশক জ্বলাই দিবলৈ চেষ্টা কৰি আছে । প্ৰথমে আপুনি মণিপুৰ জ্বলাইছে আৰু এতিয়া আপুনি হাৰিয়ানাতো একেই কাম কৰি আছে ।”

লগতে পঢ়ক : Parliament Monsoon Session: আজি ৰাজ্যসভাত উত্থাপন হ’ব ছয়খন বিধেয়ক