Local, Vocal, Global

Rahul Gandhi in Parliament : সংসদ চলি থকাৰ সময়তে ‘ফ্লায়িং কিছ’দি বিতৰ্কত ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, ৯ আগষ্ট : পুনৰ বিতৰ্কত সোমালে ৰাহুল গান্ধী (Rahul Gandhi in Parliament)। অনাস্থা প্ৰস্তাৱক লৈ সংসদত আলোচনা চলি থকাৰ সময়তে পুনৰ বিতৰ্কত ৰাহুল গান্ধী (No-confidence motion in Lok Sabha) । আজি অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা চলি থকাৰ সময়তে সদনত বিজেপি সাংসদসকলক ফ্লায়িং কিছ দিয়ে ৰাহুল গান্ধীয়ে (Rahul Gandhi Flying Kiss)। ৰাহুল গান্ধীৰ এই আচৰণক লৈ কেইবাগৰাকীও মহিলা সাংসদৰ ফালৰ পৰা লোকসভাৰ অধ্যক্ষক অভিযোগ দাখিল কৰা হয় (Smriti Irani hits out at Rahul Gandhi over flying kiss in Parliament)। আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ইয়াক অভদ্ৰ আচৰণ আখ্যা দিয়ে ।

উল্লেখযোগ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংসদ পদ ঘূৰাই পোৱাৰ পিছত বুধবাৰে প্ৰথমবাৰ সংসদত নিজৰ ভাষণ প্ৰদান কৰে । লোকসভাত অনাস্থা প্ৰস্তাৱ বিতৰ্কৰ আজি দ্বিতীয় দিন (No-confidence motion in Lok Sabha)। ৰাহুল গান্ধীৰ ভাষণৰ পিছতে সদনত হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । সদনৰ ভাষণত ৰাহুল গান্ধীয়ে কঠোৰভাৱে আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ।

ৰাহুল গান্ধীয়ে নিজৰ ভাষণ সমাপ্ত হোৱাৰ পিছতে বাহিৰলৈ ওলাই আহিছিল, সেই সময়তে এনে অভিযোগ উত্থাপন হয় ৰাহুল গান্ধীৰ বিৰুদ্ধে যাক লৈ মহিলা সাংসদসকলে আপত্তি কৰে । আনহাতে সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ভাষণ চলি আছিল । অৱশ্যে ৰাহুল গান্ধীৰ ফ্লায়িং কিছৰ এই দৃশ্য কেমেৰাত আবদ্ধ হোৱা নাই ।

এই মুহূৰ্তৰ সাক্ষী হোৱাসকলৰ মতে, যেতিয়া ৰাহুল গান্ধীয়ে নিজৰ ভাষণৰ পিছত লোকসভা চৌহদৰ পৰা ওলাই আহিছিল, সেই সময়তে তেওঁৰ ফাইল হাতৰ পৰা পৰি গৈছিল । সেয়া উঠাবলৈ লোৱাৰ সময়তে বিজেপি সাংসদসকলে হাঁহিবলৈ ধৰে । সেই সময়তে ৰাহুল গান্ধীয়ে বিজেপি সাংসদসকলৰ ফালে ফ্লায়িং কিছ দিয়ে আৰু হাঁহি হাঁহি বাহিৰলৈ ওলাই আহে ।

ৰাহুল গান্ধীৰ ফ্লায়িং কিছক লৈ লগে লগে বিতৰ্ক আৰম্ভ হয়(Rahul Gandhi in Parliament) । সদনত ভাষণ দি থকাৰ সময়তে স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক লক্ষ্য কৰি লয় আৰু কয় যে, কেৱল এগৰাকী মহিলা বিৰোধী ব্যক্তিয়েহে সংসদত মহিলাক ফ্লায়িং কিছ দিব পাৰে । কিন্তু এনে উদাহৰণ দেখা নাই । ইয়াৰ পৰা জানিব পাৰি তেওঁ মহিলাসকলক লৈ কি ভাবে । এয়া অভদ্ৰ আচৰণ ।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সাংসদ শোভা কাৰান্দলাজে কয়, “সকলো মহিলা সদস্যক ফ্লায়িং কিচ দি ৰাহুল গান্ধী আঁতৰি গ’ল । এয়া এজন সদস্যৰ সম্পূৰ্ণ দুৰ্ব্যৱহাৰ। এয়া এজন সদস্যৰ অনুপযুক্ত আৰু অশালীন আচৰণ। জ্যেষ্ঠ সদস্যসকলে কৈছে যে ভাৰতৰ সংসদৰ ইতিহাসত এইটো কেতিয়াও হোৱা নাই… এই আচৰণ কি? তেওঁ কেনে ধৰণৰ নেতা? সেয়েহে, আমি অধ্যক্ষৰ ওচৰত অভিযোগ কৰিছো যে ইয়াৰ চিচিটিভি ফুটেজ ল’ব আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব । আমি এইটোৱেই দাবী কৰিছো।”

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শোভা কৰন্দলাজেয়ো ফ্লায়িং কিছক লৈ কংগ্ৰেছ সাংসদগৰাকীক লক্ষ্য কৰি লয় । তেওঁ ৰাহুল গান্ধীৰ ব্যৱহাৰক ‘অনুচিত’ আখ্যা দিয়ে আৰু লোকসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰে। কেইবাগৰাকীও মহিলা সাংসদে অভিযোগ পত্ৰত হস্তাক্ষৰ কৰে । এই পত্ৰত তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ।

লগতে পঢ়ক : No-confidence motion in Lok Sabha : সদনৰ ভাষণত ৰাহুল গান্ধীয়ে কঠোৰভাৱে আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক