চিৰাঙৰ ৰুণীখাতাত ঔষধৰ ফাৰ্মাচীত নিচাযুক্ত কেপচুল জব্দ
চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাত আজি আৰক্ষীৰ অভিযান চলাই মানুহৰ জীৱনদায়ী ঔষধৰ ফাৰ্মাচিৰ পৰা অবৈধ ভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ নিচাযুক্ত কেপচুল উদ্ধাৰ কৰে । আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে মঙলবাৰে বিয়লিৰ ভাগত এক নিদিষ্ট তথ্যৰ ভিত্তিত ৰুণীখাতা থানাৰ আৰক্ষীয়ে ৰুণীখাতা বজাৰৰ নীলিখাং ওৱাৰী (৪৫) নামৰ এজন ব্যক্তিৰ ঔষধৰ ফাৰ্মাচিত অভিযান চলাই ২৪৪০ টা স্পেচমো প্ৰক্সিভন নামৰ নিচাযুক্ত কেপচুল উদ্ধাৰ কৰে । ইতিমধ্যে আৰক্ষীয়ে আটক কৰা নীলিখাং ওৱাৰীৰ পৰা নগদ ৪৩১০ টকা, এটা মোবাইল ফোন আৰু বিশেষ ধৰনৰ এয়াৰবেগ এটা জব্দ কৰে । এই সংক্ৰান্তত ৰুণীখাতা থানাত এখন গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে ধৃত ফাৰ্মাচিৰ স্বত্বাধিকাৰী নীলিখাং ওৱাৰী দীৰ্ঘদিনৰ পৰা নিজৰ ফাৰ্মাচিত অবৈধ ভাৱে নিচাযুক্ত কেপচুল মজুত ৰাখি বিক্ৰী কৰাৰ লগতে ভাৰত-ভুটান আন্তৰ্জাতিক সীমান্ত অঞ্চল দাদগিৰিত সৰবৰাহ কৰি আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । ৰুণীখাতা অঞ্চলত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ কৰি যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নীলিখাং ওৱাৰীক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ৰুণীখাতা অঞ্চলৰ ৰাইজে আৰক্ষীৰ এই পদক্ষেপক শলাগ লৈছে ।