Local, Vocal, Global

ফৰিদাবাদৰ কলেজত ছাত্ৰই প্ৰাণ ল’লে ছাত্ৰীৰ

ফৰিদাবাদত ২০বছৰীয়া যুৱতীক কলেজৰ চৌহদত হত্যা, দোষীক গ্ৰেপ্তাৰ।
সোমবাৰে ২০ বছৰীয়া যুৱতীক কলেজৰ সন্মুখতে গুলীয়াই হত্যা কৰে দুজন লোকে। এই ঘটনা হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ।
এজন দোষীক চিনাক্ত কৰি আটক কৰাৰ পিছত পোহৰলৈ আহে এই ঘটনা। অভিযুক্তজন আছিল যুৱতীগৰাকীৰ স্কুলৰ বন্ধু। যিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কেইমাহমান ধৰি যুৱকজনে যুৱতীগৰাকীক অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হয়।
আৰক্ষীৰ মতে ঘটনাটো সংঘটিত হয় সোমবাৰে বিয়লি ৩ বজাত বালাবগড় আগৰৱালা কলেজত। যুৱতীগৰাকী বি .কম তৃতীয় বৰ্ষৰ ছাত্ৰী আছিল। যুৱতীগৰাকী পৰীক্ষা শেষ কৰি পিছত কলেজৰ পৰা ওলাই অহাত বগা বাহনত অহা দুজন যুৱকৰ দ্বাৰা এই ঘটনা সংঘটিত হয়। যুৱতীগৰাকীয়ে বাধা দিবলৈ চেষ্টা কৰিছিল যদিও সফল নোহোৱাত দুস্কৃতিকাৰীয়ে শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে গুলিচালনা কৰে।
যুৱতীগৰাকীক ওচৰৰ হাস্পতাললৈ লৈ যোৱা হয় কিন্তু তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।