Local, Vocal, Global

১ নৱেম্বৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব ক্ৰিকেট

সমগ্ৰ বিশ্বৰ লগতে অসমৰো ক্ৰীড়াক্ষেত্ৰত মহামাৰী ক’ভিড-১৯-এ বিৰূপ প্ৰভাৱ পেলাইছিল ৷ খেলুৱৈ তথা দৰ্শকৰ অনুপস্থিতিত উকা হৈ পৰিছিল ৰাজ্যৰ খেলপথাৰ আৰু ষ্টেডিয়ামসমূহ ৷ অৱশ্যে বহুদিনৰ বিৰতিৰ অন্তত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ ৷ প্ৰায় কিছুদিন পূৰ্বে গুৱাহাটীত লকডাউনৰ পিছত প্ৰথমখন দৰ্শকবিহীন প্ৰাইজমানি এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ তাৰ সমান্তৰালকৈ ৰাজ্যৰ খেলপথাৰসমূহত আৰম্ভ হৈছে ক’ভিড প্ৰট’কলৰ মাজেৰে বিভিন্ন খেলৰ অনুশীলন ৷ তাৰ মাজতেই ক্ৰিকেটাৰ তথা ক্ৰিকেটপ্ৰেমীসকললৈ সুখবৰ

 

শেহতীয়াকৈ অসম ক্ৰিকেট সন্থাই ঘোষণা কৰিলে অহা এক নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ক্ৰিকেটৰ অনুশীলন ৷ এক নৱেম্বৰৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অসম ক্ৰিকেট সন্থাই এটা ১২ দিনীয়া ফিটনেছ কেম্পৰ আয়োজন কৰিছে ৷ উক্ত ফিটনেছ কেম্পত অংশগ্ৰহণ কৰিব ৰাজ্যখনৰ ৫২গৰাকীকৈ ক্ৰিকেটাৰে ৷ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিব ভাস্কৰ বৰা আৰু ফিজিঅ’ থেৰাপিষ্ট হিচাপে থাকিব কৌস্তভ ভৰদ্বাজ ৷