Local, Vocal, Global

চিৰাঙৰ বিজনীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

চিৰাঙৰ বিজনীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ। বিজনী ৰে’লৱে ষ্টেচনৰ সমীপবৰ্তী এখন ৰে’লৱে ব্ৰীজৰ তলত উদ্ধাৰ মৃতদেহটো। উদ্ধাৰ কৰা মৃতদেহটো পংকজ দাসৰ বুলি ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে। ১৯ আগষ্টৰ পৰা সন্ধানহীন হৈ আছিল পংকজ দাস। ২১ আগষ্টত পংকজ দাসৰ মাতৃয়ে বিজনী আৰক্ষী থানাত সন্ধানহীন পুত্ৰৰ সন্ধান বিচাৰি দাখিল কৰে এজাহাৰ। পংকজ দাস আছিল এজন ফটোগ্ৰাফাৰ। বিগত ২বছৰ ধৰি ড্ৰাগ্ছৰ সেৱন কৰিছিল পংকজে। অতিৰিক্ত ড্ৰাগছ সেৱনৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে।

বিজনী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি জি আৰ পিক গতাই দিয়ে। জি আৰ পিয়ে মৰোণোত্তৰ পৰীক্ষাৰ বাবে সম্প্ৰতি কাজলগাওঁলৈ প্ৰেৰণ কৰে মৃতদেহটো। অতিৰিক্ত ড্ৰাগছ সেৱনৰ ফলত এই দূৰ্ঘটনা সংঘটিত হোৱাৰ আসংকা প্ৰকাশ সচেতন মহলৰ।