Local, Vocal, Global

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ

চিৰাঙৰ বিজনী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ নতুন মাটীত সেনা-আৰক্ষীৰ যৌথ অভিযান। বৃহস্পতিবাৰে নিশা ১১.৩০ বজাত ২নং নতুন মাটীত চলাইছিল এই যৌথ অভিযান। গোপন তথ‍্যৰ ভিত্তিত চলোৱা এই অভিযান নিশা দলটোৱে এটা মাৰণাস্ত্ৰসহ ঔষধ আৰু বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ভাৰত-ভুটান সীমান্তৰ পৰা ১৫.৫ কিলোমিটাৰ দুৰৰ তথা সীমান্তৰ ১৮৬/৩ নং খুটাৰ ওচৰত SSB-ৰ ৫৪ নং বেটেলিয়নৰ ধলা সীমান্ত চকীৰ সহযোগত এই অভিযান চলাইছিল।

কিছুদিন পুৰ্বেও চিৰাং জিলাত উদ্ধাৰ হৈছিল মাৰণাস্ত্ৰ। বিটিচি পৰিষদীয় নিৰ্বাচনৰ পুৰ্বে ধাৰাবাহিকভাৱে বিটিচিৰ বিভিন্ন জিলাত এই দৰে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাত সমগ্ৰ বিটিচিত চাঞ্চল্যৰ সৃষ্টি হৈছে। যি সযময়ত কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে NDFB-ৰ চাৰিওটা গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল বিটিআৰ গঠনৰ বাবে । এই সময়ত এই দৰে মাৰণাস্ত্ৰ উদ্ধাৰে শংকিত কৰিছে সাধাৰণ নাগৰিকক।