Local, Vocal, Global

দৰা আহিল বিয়া পাতিবলৈ,কিন্তু নহ’ল বিয়া লাগিল কেনা

ৰাজ্যত পুনৰ বাল্য বিবাহৰ দৰে ঘটনা । এইবাৰ স্থান ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটিত এই বাল্য বিবাহৰ ঘটনা ।

সাপটগ্ৰামৰ পৰা আহিল দৰা। সাজু হৈছে বিয়া পাতিবলৈ নাবালিকাক

ঘটনাস্থলীত উপস্থিত চাপৰ আৰক্ষী

নহ’ল বিয়া লাগিল কেনা

দ’ৰা,দ’ৰাৰ দেউতা, ছোৱালীৰ দেউতা,ঘোটক বৰ্তমান ৰঙা ঘৰৰ আলহী

হয় ৰাজ্যত পুনৰ গা কৰি উঠিছে বাল্য বিবাহৰ দৰে যঘন্য ঘটনা।বিজ্ঞান আৰু প্ৰয়ুক্তি বিদ্যাৰ সময়ত আজিও বাল্যবিৱাহৰ দৰে ঘটনা সংঘটিত হৈছে এইখন অসমত। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটিত সাপটগ্ৰামৰ পৰা সফিকুল আলী (দৰা) আহিছিল বিয়া পাতিবলৈ নাবালিকাক। তেনে সময়তে বিবাহস্থলীত উপস্থিত হয় চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলে সহ আৰক্ষীৰ এটা দল। বিৱাহস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগে লগে  হুৱাদুৱা লাগে। ঘটনাস্থলীৰ পৰা কইনাক উদ্ধাৰ কৰি চাপৰ আৰক্ষী থানালৈ লৈ আনি  পিছত আৰক্ষীয়ে নাবালিকা কইনাক জনীক গতাই দিলে শিশু সুৰক্ষা সমিতিক। লগতে দ’ৰা সফিকুল আলী,দ’ৰাৰ পিতৃ ছাদেৰ আলী,নাবালিকা কইনাৰ পিতৃ হাদুল্লাহ সেখ আৰু ঘোটক মোহিৰুল হকক চাপৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।