Local, Vocal, Global

ফণীৰ পাছতে আহি আছে “গুলাব”

ফণীৰ পাছতে আহি আছে “গুলাব” । পুনৰ ঘুৰ্ণি বতাহে চুব পশ্চিম বংগকে ধৰি অন্ধ প্ৰদেশ আৰু উৰিষ্যাক । ঘণ্টাত ৯৫ কিলোমিটাৰ গতি বেগ ফণীৰ পাছতে আহি আছে “গুলাব” । কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট ।

পশ্চিম বংগৰ উপসাগৰৰ পৰা ঘুৰ্ণি বতাহ গোলাব ৭ কিলোমিটাৰ বেগত আগবাঢ়িছে আৰু উত্তৰ শ্ৰী কাকুলম জিলা আৰু দক্ষিণ উৰিষ্যাত অধিক প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ।

ইতিমধ্যে ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে । অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে শনিবাৰে ঘুৰ্ণি বতাহ সতৰ্কতা সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত কৰে আৰু বিষয়া সকলক সকলো প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ।

ৰাজ্যখনৰ শ্ৰী কাকুলম আৰু বিশাখাপত্তনম জিলাত দুৰ্যোগ ব্যৱস্থাপনা কৰ্মচাৰী সকলক সাজু কৰি ৰাখিছে । ঘুৰ্ণি বতাহৰ পিছতেই ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকাও কৰা হৈছে । সাজু হৈ আছে NDRF ৰ দল ।