এগৰাকী ৯ বছৰীয়া কণমানিক ধৰ্ষণ এজন লম্পট শিক্ষকৰ
বাক্সাৰ মুছলপুৰত জঘন্য ধৰ্ষণকাণ্ড । এগৰাকী ৯ বছৰীয়া কণমানিক ধৰ্ষণ এজন লম্পত শিক্ষকৰ ।
মুছলপুৰ—
বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পলাশগুৰীৰ এগৰাকী ৯ বছৰীয়া কণমানিক ধৰ্ষণ কৰে ১ নং ভোগপাৰা গাওঁৰ মানিক নাথ নামৰ প্ৰায় ৪৫ বছৰ বয়সীয়া এজন লম্পত শিক্ষকে । জানিব পৰা মতে লম্পত শিক্ষকজনে ওচৰৰ গাওঁৰে ঘৰৰ একেবাৰে কাষৰ কণমানিগৰাকীৰ লগত দীৰ্ঘদিন ধৰি মাক-দেউতাকৰ অনুপস্থিতিৰ সুযোগ লৈ যৌন উৎপীড়ন চলাই আহিছিল ।
কণমানিগৰাকীয়েও সেই সম্পৰ্কে ইতিমধ্যে বহুদিনৰ আগতেই মাক-দেউতাকক অৱগত কৰিছিল যদিও একো প্ৰমাণ নথকাত অভাৱী পৰিয়ালটোৱে একো এটা কৰিব পৰা নাছিল ।
কিন্তু আজি কণমানিগৰাকীয়ে নিজেই দেউতাকৰ মোবাইল ফোনটো লৈ সমস্ত ঘটনা ৰেকৰ্ডি কৰি ৰাখিছিল । আৰু তাৰ পৰবৰ্তী সময়ত সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰাত মুছলপুৰ আৰক্ষীয়ে লম্পট শিক্ষকজনক কৰায়ত্ত কৰি পৰিয়ালৰ ভাষ্যৰ ভিত্তিত POCSO আইনৰ অধীনত ৯১/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰে ।
ইফালে অমৰাবতী মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত মানিক নাথ নামৰ লম্পত শিক্ষকজনৰ এনে কৰ্মকাণ্ডই স্বাভাবিকতে হতচকিত কৰি তুলিছে স্থানীয় ৰাইজৰ লগতে সমগ্ৰ মুছলপুৰ অঞ্চলৰ সচেতন মহলক