ডিমা হাচাওত নিহত ট্ৰাক চালকৰ পৰিয়াললৈ চৰকাৰৰ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য
ডিমা হাচাওত দুস্কৃতিকাৰীৰ হাতত নিহত ট্ৰাক চালকৰ পৰিয়ালৰ নিকত্মায়লৈ অসম চৰকাৰৰ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য।পৰিয়ালকেইটিৰ হাতত চৰকাৰৰ হৈ চেক প্ৰদান ডিমা হাচাও জিলাৰ উপায়ুক্তৰ।
যোৱা ২৬ আগষ্টত ডিমা হাচাও জিলাৰ দৈয়াংমুখৰ ৰেঞ্জাৰ বিলত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ হাতত নিহত লংকাৰ ৪ জন ট্ৰাক চালকৰ নিকত্মায়লৈ আজি ৫লাখ টকাকৈ অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে।চৰকাৰৰ হৈ পৰিয়ালটিৰ নিকত্মীয়ৰ হাতত ৫ লাখকৈ টকাৰ চেক প্ৰদান কৰে ডিমা হাচাও জিলাৰ উপায়ুক্ত পল বৰুৱাই।
এই চেক প্ৰদানত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীৰ লগতে হোজাই জিলা প্ৰশাসনৰ লোক উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
ইপিনে,চৰকাৰে আগবঢ়োৱা ৫ লাখ টকা গ্ৰহণ কৰি চালক কেইগৰাকীৰ পৰিয়ালৰ লোক শোকত ভাগি পৰে।সকলো হেৰুৱাই পেলালো বুলি শোকবিহ্বল হৈ পৰে।
উল্লেখ্য যে,উক্ত নৃশংস ঘটনাত লংকাৰ ৪ জনকৈ ট্ৰাক চালক নিহত হৈছিল।তেওঁলোক ক্ৰমে,ডাৱলংৰ চিকন্দৰ আলী, পূৱ উদালীৰ আজগৰ আলী ওৰফে গুলজাৰ আৰু বামুনগাঁওৰ দিলোৱাৰ হুচেইন আৰু লংকা এন এৰিয়াৰ গৌৰৱপ্ৰদ মজুমদাৰ।
আনহাতে,আজি লংকাৰ উক্ত দূৰ্ভগীয়া ট্ৰাক চালক কেইগৰাকীৰ পৰিয়ালৰ লোকক সমবেদনা জনাবৰ বাবে উপস্থিত হয় হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেব।
তেও পৰিয়ালকেইটিৰ দুখত সমভাগী হৈ এনে বৰ্বৰ কাণ্ডক সমালোচনা কৰি দুস্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰক আহ্বান জনায়।