Local, Vocal, Global

Chhattisgarh Financial Aid to Himachal: ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ হিমাচল প্ৰদেশলৈ ১১ কোটি টকাৰ বিত্তীয় সাহায্যৰ ঘোষণা

নেশ্যনেল ডেস্ক, ১৮আগষ্ট : ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে হিমাচল প্ৰদেশ । প্ৰকৃতিৰ নিষ্ঠুৰ আঘাতত ধ্বংসস্তূপত পৰিণত হৈছে পৰ্যটকৰ আকৰ্ষণীয় ৰাজ্য হিমাচল প্ৰদেশ । ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত এক প্ৰকাৰৰ অসহায় হৈ পৰিছে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ । ৰাজ্যখনৰ এই অসহনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰৰ পৰা সাহায্য বিচাৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ।

ইয়াৰ মাজতে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ সৈতে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ফোনযোগে বাৰ্তালাপ কৰে আৰু ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে অৱগত হয়। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে হিমাচল প্ৰদেশৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ সহায় হাত আগবঢ়াৰ আশ্বাস প্ৰদান কৰে । ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ হিমাচল প্ৰদেশলৈ ১১ কোটি টকাৰ বিত্তীয় সাহায্যৰ আগবঢ়াৰ কথা ঘোষণা (Chhattisgarh Financial Aid to Himachal) ।

উল্লেখ্য যে, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ১৮ আগষ্টত হিমাচল প্ৰদেশক ১১ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দুৰ্যোগ পীড়িতসকলক পুনৰ্সংস্থাপনৰ বাবে ১১ কোটি টকা সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে (Chhattisgarh CM announces ₹11 crore aid for rain)।

মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে টুইটত হিমাচল প্ৰদেশক লৈ পোষ্ট এটা শ্বেয়াৰ কৰে । বাঘেলে টুইটাৰৰ পোষ্টটোত লিখে , “প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত হোৱা দেৱভূমি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ সৈতে ফোনযোগে কথা পাতোঁ আৰু ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ । ৰাজ্যখনৰ এনে এক বিপদত সময়ত সকলো দেশবাসী একত্ৰিত হৈছে । “

এইবাৰ হিমাচল প্ৰদেশত ধ্বংসলীলা চলাইছে বৰষুণে । ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ ৰাস্তাকে ধৰি খোৱাপানী, বিদ্যুত আৰু অন্যান্য আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হৈছে । ৰাজ্যখনত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত মানুহৰ সম্পত্তিৰ যথেষ্ট ক্ষতি হৈছে । হিমাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়ালৈকে ৩৩০ জন লোকৰ মৃত্যু হৈছে ।ৰাজ্যখনত বৰষুণৰ ফলত ৭৬০০ কোটি টকাৰো অধিক ক্ষতিগ্ৰস্ত হৈছে । ধাৰাষাৰভাৱে বৰষুণৰ হৈ থকাৰ পথ বন্ধ কৰি দিয়া হৈছে বহু পথ । জানিব পৰা মতে, ৰাজ্যখনত এতিয়ালৈকে ৮৭৫ টা পথ বন্ধ কৰি দিয়া হৈছে (Chhattisgarh CM announces Rs 11 crore aid for rain) ।

শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত শ্ৰীযুত বাঘেলে কয় যে ‘দেৱভূমি’ হিমাচল প্ৰদেশত এক গুৰুতৰ প্ৰাকৃতিক দুৰ্যোগ আহিছে আৰু এনে পৰিস্থিতিত ছত্তীশগড়ৰ লোকসকলে উত্তৰ ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে থিয় হৈ আছে (Chhattisgarh CM Baghel Announces Rs 11 Cr Financial Aid For Calamity Hit Himachal)।

লগতে পঢ়ক : Shimla landslide : হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন; কেমেৰাত বন্দী সমগ্ৰ দৃশ্য