Local, Vocal, Global

ভাৰত ত্যাগ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ?

নিউজ ডেস্ক : নিৰ্বাচনত পৰাজয়ৰ পাছতে দেশ এৰিলে এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে। বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ প্ৰায় দুমাহ পিছত ১০ মাৰ্চত পত্নীৰ সৈতে ভাৰত ত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

আমি ক’বলৈ লৈছো পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ বিষয়ে। পঞ্জাৱত মুখ্যমন্ত্ৰী হোৱা প্ৰথম দলিত নেতা হৈছে চৰণজিৎ সিং চান্নী। কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী হৈছিল চান্নী।

add3

কিন্তু কংগ্ৰেছৰ বিপৰ্য্যায়ৰ সময়ত দল তথা দেশৰ পৰা দূৰত আমেৰিকাত আছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী।

চান্নীয়ে ভাৰত ত্যাগ কৰাৰ সময়ত তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আনহে নালাগে তেওঁৰ দলৰ সহকৰ্মীসকলো অৱগত নাছিল।

বৰ্তমান লাভ কৰা তথ্য অনুসৰি দীৰ্ঘদিন ধৰি চান্নীয়ে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ‘ভাৰতীয় জাতীয় কংগ্ৰেছ কেন্দ্ৰীয় সংগঠন আৰু নিৰ্বাচনী ৰণনীতি’ত পিএইচডি কৰি আহিছে।

চান্নীৰ সৰু ভায়েক মনোহৰ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি চান্নীয়ে ৰাজনীতিত ব্যস্ত থকাৰ বাবে তেওঁ পঢ়িবলৈ সময় পোৱা নাছিল। সেয়েহে পিএইচডি থেচিছত বিশেষ সময় দিবৰ বাবে তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত আছে। আনহাতে তেওঁ অহা মাহত ভাৰতলৈ উভতি অহাৰো পৰিকল্পনা কৰিছে।