Local, Vocal, Global

সোণাৰিত সাংবাদিকৰ SWAB সংগ্ৰহ

65

কভিড-১৯ ৰোগৰ আতংকৰ মাজতে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি থকা সোণাৰিৰ সাংবাদিকসকলৰ SWAB সংগ্ৰহৰ বাবে মঙলবাৰে এক বিশেষ শিৱিৰৰ আয়োজন কৰে স্বাস্থ্য বিভাগে। চৰাইদেউ জিলাৰ উপায়ুক্তৰ নিৰ্দেশ ক্ৰমে চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত সোণাৰি মহাবিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা এই শিৱিৰত সোণাৰি নগৰৰ প্ৰায় ২০ জন সাংবাদিকৰ SWAB পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে স্বাস্থ্য বিভাগে। সাংবাদিক সকলৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতিৰ পৰীক্ষা কৰিবৰ বাবে সংগ্ৰহ কৰা SWAB সমূহ পৰৱৰ্তী সময়ত ডিব্ৰুগড়স্থিত ICMR লৈ প্ৰেৰণ কৰে ।