Local, Vocal, Global

অৰুণাচল প্ৰদেশত জাৰি ৭ দিনীয়া লকডাউন

75

মঙলবাৰৰ পৰা অৰুণাচল প্ৰদেশত জাৰি কৰা হৈছে ৭ দিনীয়া লকডাউন। ক্ৰমাগতভাবে অৰুণাচলত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে অৰুণাচল প্ৰশাসনে লৈছে এই সিদ্ধান্ত। মুখ্য সচিব নৰেশ কুমাৰে আনুষ্ঠানিক কৰে এই লকডাউন । বৰ্তমানলৈ অৰুণাচল আক্ৰান্তৰ সংখ্যা ২৭০ গৰাকী, ইয়াৰে ১৭৬ গৰাকী লোকৰ বৰ্তমানেও চিকিৎসাধীন। মুঠ দুজন লোকৰ মৃত্যু হৈছে অৰুণাচলত । আজিৰে পৰা বলবৎ হোৱা সম্পূৰ্ণ লকডাউনৰ সময়ত খোলা থাকিব কেৱল জৰুৰীসেৱা সমুহ। ইতিমধ্যে অৰুণাচলবাসীয়ে আদৰি লৈছে এই লকডাউন।