Local, Vocal, Global

চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান আৰু বাণিজ্য শাখাত অসমৰ ভিতৰত স্থান দখল কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই অনা কৃৰ্তি ছাত্ৰ-ছাত্ৰী সকলক মঙলবাৰৰ চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সম্পন্ন হোৱা এই সম্বৰ্দ্ধনা অনুষ্ঠান চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সভাকক্ষত অনুস্থিত কৰা হয়। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ পৰা বাণিজ্য শাখাত সোণাৰি জুনিয়ৰ কলেজৰ ছাত্ৰী হৰপ্ৰীত কৌৰে ৯৩.৬% নম্বৰেৰে অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছিল। অন্যহাতে বিজ্ঞান শাখাত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সাগৰ গোৱালাই ৯৫.৮% নম্বৰেৰে অসমৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা অৰ্জুন বুঢ়াগোহাঁইয়ে বিজ্ঞান শাখাত ৯৫.৪% নম্বৰেৰে ষষ্ঠ স্থান লাভ কৰিছিল। সময়ৰ বালিত খোজ কাঢ়ি নিজৰ পৰিচয় মানৱ সমাজত যুগমীয়া কৰাৰ বাবে উপায়ুক্ত গৰাকীয়ে দুয়োজন ছাত্ৰ-ছাত্ৰীক কষ্ট কৰি ফল আয়ত্ত্ব কৰিবলৈ অনুপ্ৰেৰণা জনায় ।

মঙলবাৰৰ এই সম্বৰ্দ্ধনা অনুষ্ঠানত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী দুজনৰ পিতৃ-মাতৃ কুলদ্বীপ কৌৰ আৰু মহানন্দ গোৱালাকো উপায়ুক্ত গৰাকীয়ে সম্বৰ্দ্ধনা জনায়। ইয়াৰ উপৰিও আজিৰ অনুষ্ঠানত চৰাইদেউ জিলাৰ পৰা ১০০% উত্তীৰ্ণ ফলাফল প্ৰদৰ্শন কৰা জিলাখনৰ মুঠ ৬ খন শিক্ষানুষ্ঠানক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। শিক্ষানুষ্ঠান কেইখন হৈছে চেপন কলেজ (জুনিয়ৰ), চুকাফা জুনিয়ৰ কলেজ, সোণাৰি জুনিয়ৰ কলেজ, হাজি আচিমুদ্দিন মিশ্যন একাডেমী, দিব্যলতা আইডল একাডেমী আৰু চাইনৰ একাডেমী ।