Local, Vocal, Global

ঘৰত বন কৰা মহিলাৰ পৰা সাৱধান !

57

ঘৰত বন কৰা মহিলাৰ পৰা সাৱধান ! ঘৰত বন কৰা মহিলাৰ লগত চোৰৰ সম্পৰ্ক স্থাপন। তাতে আকৌ মহিলা চোৰ।

সোমবাৰে দুপৰীয়া তেজপুৰ চহৰৰ মাজ মজিয়াত সংঘটিত হয় এক চুৰি কাণ্ড। ইমতিয়াজ ৰহমান আৰু আলতাফ ৰহমানৰ গডৰেজৰ লকাৰ ভাঙি জেছমিনা চুলতানা নামৰ এগৰাকী মহিলাই  চুৰি কৰি নিবলৈ সক্ষম হয় সমস্ত আ-অলংকাৰ । ৰহমান ভাতৃদ্বয়ৰ ঘৰত বন কৰা মহিলা গৰাকীক কৌশলৰে নিজৰ আয়ত্বলৈ আনি জেছমিনা নামৰ মহিলাগৰাকীয়ে সোমবাৰে ঘৰত কোনো নথকাৰ সূযোগ গ্ৰহণ কৰি ৰহমান ভাতৃদ্বয়ৰ ঘৰৰ গডৰেজৰ লকাৰ ভাঙি আ-অলংকাৰ টকা পইচা লৈ উধাও হয়। পিছত সন্ধিয়া গৃহস্থই CCTVৰ ফুটেজ আৰক্ষীক জমা দিয়াত আৰক্ষীয়ে তাৎক্ষণিক অনুসন্ধান চলাই মঙ্গলবাৰে জেছমিনাক গ্ৰেপ্তাৰ কৰাৰ লগতে জেছমিনাৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় চুৰি হোৱা আ-অলংকাৰখিনি। তেজপুৰ সদৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ডাঃ ৰশ্মিৰেখা শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে জেছমিনা চুলতানাৰ লগতে মফিডুল ইছলাম নামৰ সোণাৰী জনকো আটক কৰিব সক্ষম হয় ।