এফালে কৰম উৎসৱ আনফালে ঝান্ডি মুন্ডা
এফালে কৰম উৎসৱ আনফালে ঝান্ডি মুন্ডা। মুখ্য মন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি একাংশৰ।
কাৰ আশীৰ্বাদত কৰম উৎসৱত চলি আছে মুকলি জুৱা। গভীৰ নিদ্ৰাত মগ্ন চাপৰ আৰক্ষী। কোনে অনুমতি দিলে মুকলি কৈ জুৱা বহাৰ। কাৰ ছত্ৰছায়াত চলি আছে এই জুৱা। ক’ত গ’ল আৰক্ষী প্ৰশাসন।
যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মায় তীৰ জুৱা বন্ধ কৰাৰ বাবে কঠুৰ পদক্ষেপ গ্ৰহণ কৰিছে। ঠিক সেই সময়তে একাংশ ব্যক্তিয়ে মুখ্য মন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই চলাই আছে মুকলি কৈ জুৱা।
হয় ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চৈবাৰী চাহবাগিচাৰ খেল পথাৰত চলিছে কৰম উৎসৱ ।
সেই উৎসৱতে এফালে নৃত্য গান আনফালে মুকলি কৈ বহিছে জুৱা। কিন্তু চাপৰ আৰক্ষী নাই কোনো কাণ সাৰ গভিৰ নিদ্ৰাত মগ্ন চাপৰ আৰক্ষী।
উল্লেখ্য যে কোনে অনুমতি দিছে এই সকল জুৱাৰীক কাৰ ছাত্ৰছায়াৰ চলিছে এই মুকলি জুৱা ইয়াৰ আৰত কোন জড়িত কাৰ আশীৰ্বাদত চলিছে ।
এনে ধৰনৰ ব্যক্তিৰ উপৰত আৰক্ষীয়ে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিৱ নে ? সেয়া হ’ব লক্ষ্যনীয় বিষয়।