Local, Vocal, Global

দেশ বিভাজনৰ সময়ত মহম্মদ আলি জিন্নাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে অসমৰ একাংশ সংখ্যালঘু নেতাই

0 6

 

অসমৰ সন্দেহজনক সংখ্যালঘু লোকৰ সৈতে জড়িত আছে কোনো আন্তঃৰাষ্ট্ৰীয় শক্তি। গৰুখুঁটিৰ উচ্ছেদৰ চিঞৰ বিশ্বজুৰি বিয়পিছে। দেশ বিভাজনৰ সময়ত মহম্মদ আলি জিন্নাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে অসমৰ একাংশ সংখ্যালঘু নেতাই।গৃহজিলা গোলাঘাটত উপস্থিত হৈ একাধিক বিস্ফোৰণ বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালৰ।

অসমত এতিয়া চলিছে আন্তজিলা আৰু আন্তঃসমষ্টি প্ৰব্ৰজন।জনবিস্ফোৰণ হোৱা সমষ্টিসমূহৰ পৰা নিলগৰ সমষ্টিলৈ এতিয়া চলিছে প্ৰব্ৰজনৰ চক্ৰান্ত।সন্দেহজনক লোকৰ ঘনত্ব বৃদ্ধি পোৱা সমষ্টিৰ লোকে এতিয়া টাৰ্গেট কৰিছে ওচৰৰ অন্য সমষ্টিসমূহক।একেই দৃশ্য গোলাঘাটতো । গোলাঘাটৰ অসম-নগা সীমান্তৱৰ্তী অঞ্চলকে আদি কৰি ৰাজ্যৰ বিভিন্ন সমষ্টি এতিয়া সন্দেহজনক প্ৰব্ৰজনকাৰীৰ টাৰ্গেটত।

গৰুখুঁটিৰ ঘটনা ব্ৰহ্মপুত্ৰৰ চৰত বহি এদিনত লোৱা সিদ্ধান্ত নহয়,ই সম্পূৰ্ণৰূপে আন্তঃৰাষ্ট্ৰীয় স্তৰৰ এক পূৰ্বপৰিকল্পনা।অখণ্ড ভাৰতত বসবাস কৰা ১% বাংলাদেশী লোকৰ গ‌ইনা লৈ আজি বাকী ৯৯% শতাংশ‌ই নিজকে ভাৰতীয় আৰু খিলঞ্জীয়া সজোৱাৰ যো-জা চলাইছে । কেৱল আমছু বা AIUDF য়েই নহয়, খুদ বিজেপিত থকা একাংশ সংখ্যালঘু নেতায়ো লৈছে একেই পন্থা।১৯০৯ চনৰ অখণ্ড ভাৰতত বসবাস কৰা সংখ্যালঘু লোকে কোনো সমস্যা কৰা নাই।সমস্যা কৰিছে অসম চুক্তিৰ ভিত্তিত ১৯৭১ চনত ভাৰতত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীয়েহে।ইপিনে,আজিলৈকে অসমত নাই খিলঞ্জীয়াৰ প্ৰকৃত সংজ্ঞা।

আমছু,AIUDF আৰু PFI ইত্যাদিবোৰ হৈছে আন্তঃৰাষ্ট্ৰীয় সংখ্যালঘু শক্তিৰ over ground সদস্য। অসমৰ একাংশ সংখ্যালঘু বুদ্ধিজীৱীও জড়িত আছে ইয়াৰ সৈতে। আমছুৰ লগতে সন্দেহজনক বাংলাদেশীৰ দুখৰ সময়ত চিঞৰ-বাখৰ কৰা ৰাজ্যৰ সংখ্যালঘু বুদ্ধিজীৱীয়ে খায় পাকিস্তান আৰু বাংলাদেশৰ ফাৰ্মাচিৰ টেবলেট।

Leave A Reply

Your email address will not be published.