Local, Vocal, Global

প্ৰেমৰ চলনাৰে এগৰাকী যুৱতীক ৭ মাহৰ গৰ্ভৱতী কৰাৰ এক গুৰুতৰ অভিযোগ

চাপৰত প্ৰেমৰ চলনাৰে অন্তঃস্বত্বা কৰিলে লম্পট বুৱাই লোড নামৰ এজন যুৱকে। বাসুগাওঁৰ বুৱাই লোড নামৰ এক লম্পটে সংঘটিত কৰিছে এই কুকাৰ্য্য।
লম্পট বুৱাই লোডৰ প্ৰেমৰ চলনাৰ ফলত ৭ মাহৰ গৰ্ভৱতী চাপৰৰ এজনী ২৫ বছৰীয়া যুৱতী। ন্যায় বিচাৰি চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তোভুগিৰ।

এইবাৰ চাপৰত প্ৰেমৰ চলনাৰে এগৰাকী যুৱতীক ৭ মাহৰ গৰ্ভবতী কৰাৰ এক গুৰুতৰ অভিয়োগ উত্থাপিত হৈছে। উল্লেখ্য যে বাসুগাওঁৰ গোগলাপাৰাৰ বুবাই লোড নামৰ এক লম্পট যুৱক কৰ্মসূত্ৰে চাপৰত বসৱাস কৰি আছিল যদিও একে গাওঁৰে এগৰাকী ২৫ বছৰীয়া যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আছিল। প্ৰেমৰ লগতে বিবাহ কৰোৱাৰ চলনাৰে লম্পট বুৱাই লোডে দুৰ্ভগীয়া ছোৱালীজনীৰ লগত প্ৰায়ে নিশা অৱৈধ ভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। দিনে-দিনে দুৰ্ভগীয়া ছোৱালীজনীৰ শাৰীৰিক অৱস্থা অস্বাভাৱিক হোৱাত ছোৱালীজনীৰ মাকে ছোৱালীজনীক চিকিৎসকৰ ওচৰলৈ লৈ যোৱাত চিকিৎসকে ছোৱালীজনী গৰ্ভৱতী বুলি কোৱাত পৰিয়ালে যুৱকজনৰ নাম জানিবলৈ চেষ্টা কৰে।

আনপিনে দুৰ্ভগীয়া ছোৱালীজনীয়ে ৭ মাহৰ অন্তঃস্বত্বা হোৱাৰ কথা যুৱকজনক জনায় আৰু যুৱকজনক বিয়া কৰোৱাৰ বাৱে কোৱাত লম্পট যুৱকজ নিশায় আন্ধাৰৰ সুয়োগ গ্ৰহন কৰি পলায়ন কৰে। আনপিনে লম্পট যুৱকজনে কৰ্ম সূত্ৰে চাপৰৰ থকা শ্যামল ঘোষ নামৰ স্বত্বাধীকাৰীক ছোৱালীগৰাকীৰ পৰিয়ালে ঘটনাৰ সবিশেষ অৱগত কৰাৰ পিছতো কোনো সুফল নোপোৱাত দুৰ্ভগীয়া ছোৱালীজনীয়ে চাপৰ আৰক্ষী থানাত লম্পট বুৱাই লোডৰ নামত এখন এজাহাৰ দাখিল কৰিছে। চাপৰ আৰক্ষীয়ে দুৰ্ভগীয়া যুৱতীগৰাকীৰ কি দৰে ন্যায় প্ৰদান কৰে সেয়া হব লক্ষণীয়।