প্ৰেমেই হেনো কাঢ়ি লয় সন্তানৰ প্ৰতি থকা মাকৰ মৰম,ভালপোৱা
প্ৰেম এক স্বৰ্গীয় অনুভুতি। প্ৰেমত পৰিলে মানুহ চকু থাকিও অন্ধ হয় ।
প্ৰেম হ’ল দিল্লীকা লাড্ডু। প্ৰেমে নামানে জাতি ধৰ্ম। প্ৰেমে নামানে ধনী দুঃখীয়া। প্ৰেমৰ নাই বয়সৰ সীমা।
প্ৰেমত পৰিলে হেৰাই যায় সন্তানৰ মায়া মমতা। প্ৰেমেই কাঢ়ি লয় সন্তানৰ প্ৰতি থকা মাকৰ মৰম ভালপোৱা।
এনে ঘটনা আগে পিছে এইখন অসমতে আপুনি হয়তো বহু দেখিছে বা শুনিছে।
কিন্তু এইবাৰ আকৌ নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটিৰ কঠালগুৰি সংঘটিত হৈছে এই ঘটনা।
দুটা সন্তানক এৰি থৈ মাতৃয়ে পলাই গ’ল ১৬ বছৰীয়া ল’ৰাৰ লগত। এই ঘটনা চাপৰত।বোৱাৰীৰ বয়ষ ৩২ বছৰ ল’ৰাৰ বয়স ১৬ প্ৰেমত বয়স নাই কোনো সীমা নাথাকে প্ৰমাণ কৰি দেখুৱালে এগৰাকী বোৱাৰীয়ে.. একেখন গাওৰে ৰশিদুল ইছলামৰ লগত দুদিনমান আগতে পলুৱাই যায় যদিও বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে সন্ধান নোপোৱাত চাপৰ আৰক্ষী চকীত তৰিলে গোচৰ।
উল্লেখ্য যে যোৱা এবছৰ পূৰ্বে মহিলা গৰাকীৰ স্বামী….এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। কিন্তু আছিল দুজন পূত্ৰ সন্তান এজন বয়ষ ৮আৰু আন জনৰ বয়ষ ৪বছৰ স্বামীৰ ঘৰৰ লোকে সন্তান দুজনৰ ভবিষ্যতৰ কথা চিন্তা কৰি বোৱাৰী জনীক দিছিল (৪০,০০০ ) চল্লীচ হাজাৰ টকাৰ লগতে ঘৰ-বাৰী আৰু মাটি কেই বিঘামান লগতে দোকান এখন কিন্তু সেই দোকানেই হ’ল ,কাল ।ৰশিদুল ইছলামৰ লগত
চকলেট আৰু বাদাম বিক্ৰী কৰি কৰি বিক্ৰী কৰিলে নিজৰ মন ।হায়ৰে প্ৰেম হায়ৰে ভালপোৱা,প্ৰণামো জনাও তোমাক ।