Local, Vocal, Global

Chandrayaan-3 : বিক্ৰম লেণ্ডাৰে প্ৰেৰণ কৰা নতুন ফটো শ্বেয়াৰ কৰিলে ISRO এ

নিউজ ডেস্ক, ২১আগষ্ট : কি হ’ব চন্দ্ৰযান-৩ ! ভাৰতবাসীৰ সপোন কঢ়িয়াই জোনবাইৰ দেশলৈ উৰা মাৰিছিল চন্দ্ৰযান-৩য়ে , ভাৰতবাসীৰ বাবে সপোন যেন লগা Chandrayaan-3 মিছন সফলতাৰ দিশে ৷

বহু কঠিন প্ৰত্যাহ্বানৰ মাজেৰে শেষ পৰ্যায়ত উপনীত হওঁ হওঁ চন্দ্ৰযান-৩ ৷যদি বৰ্তমানৰ দৰে সঠিকভাৱে ISROৰ বিজ্ঞানীৰ নিয়ন্ত্ৰণ থাকে তেন্তে ২৩ আগষ্টৰ সন্ধিয়াই প্ৰায় ৫ বাজি ৪৭ মিনিটত চন্দ্ৰৰ নিৰ্ধাৰিত স্থানত অৱতৰণ কৰিব Chandrayaan-3য়ে ৷ এই কথা প্ৰকাশ কৰিছে ISROৰ বিজ্ঞানীসকলে ৷

এই অভিযান সফল হ’লে বিশ্ববাসীৰ সন্মুখত ভাৰতৰ মহাকাশত বিজ্ঞান জিলিক ৰ’ব ৷ চন্দ্ৰযান-3য়ে সফলতা লাভ কৰিব বুলি আশা কৰিছে ভাৰতবাসীয়ে ৷ সেই গৌৰৱময় মুহূৰ্তৰ বাবে অপেক্ষাৰত ISROৰ বিজ্ঞানীসকল ৷

সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ চন্দ্ৰযান–৩ (Chandrayaan-3)ৰ লেণ্ডিঙৰ ওপৰত । ইয়াৰ মাজতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO)নতুন ফটো শ্বেয়াৰ কৰিছে। বিক্ৰম লেণ্ডাৰৰ জৰিয়তে প্ৰেৰণ কৰা ফটো শ্বেয়াৰ কৰিছে ISROয়ে ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) নতুন ফটো শ্বেয়াৰ কৰি কয় যে বিক্ৰম লেণ্ডাৰে আৰু কিছুমান ফটো প্ৰেৰণ কৰিছে।

ISRO এ দেওবাৰে কয় যে চন্দ্ৰযান–৩ মিছনৰ ‘লেণ্ডাৰ মডিউল’ক আৰু চন্দ্ৰৰ কাষৰ কক্ষপথত সফলভাৱে স্থাপন কৰিছে। আৰু ই ২৩ আগষ্টৰ সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰমাৰ বুকুত অৱতৰণ কৰিব । লগতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰে যে লেণ্ডাৰ মডিউলে প্ৰস্তাৱিত ‘ছফ্ট লেণ্ডিং’ৰ পূৰ্বে আভ্যন্তৰীণ অনুসন্ধানৰ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব।

ISRO–এ কয়, লেণ্ডাৰ বিক্ৰম ২৩ আগষ্টৰ সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰৰ বুকুত অৱতৰণ কৰা আশা কৰা হৈছে। ইয়াৰ পূৰ্বে ইছৰ’ৱে কৈছিল যে এই মডিউলে ২৩ আগষ্টৰ সন্ধিয়া ৫ বাজি ৪৭ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব।

দেওবাৰে ইছৰ’ৱে ‘এক্স’(পূৰ্বৰ টুইটাৰ)ত এটা পোষ্ট কৰে আৰু কয়, ‘দ্বিতীয় আৰু অন্তিম ডিবুষ্টিং অভিযানত লেণ্ডাৰ মডিউল সফলভাৱে কক্ষপথত আৰু তললৈ আহিছে। মডিউলে এতিয়া আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব আৰু নিৰ্দিষ্ট লেণ্ডিং স্থলত সূৰ্যোদয়ৰ অপেক্ষা কৰিব।’ ইছৰ’ৰ মতে, চন্দ্ৰযান–৩ মিছনৰ জৰিয়তে ভাৰতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক ইতিহাস সৃষ্টি কৰিব।

২৩ আগষ্টত পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব টেলিভিছনৰ জৰিয়তে। যিটো ISROৰ ৱেবছাইট, ইয়াৰ ইউটিউব চেনেল, ইছৰ’ৰ ফেচবুক পেজ আৰু ডিডি (দূৰদৰ্শন) নেচনেল টিভিৰ লগতে কেইবাখনো মঞ্চত ৫.২৭ বজাৰ পৰা আৰম্ভ হ’ব।

লগতে পঢ়ক :Chandrayaan-3: চন্দ্ৰৰ আৰু এখোজ কাষলৈ আগুৱালে বিক্ৰম লেণ্ডাৰ