Local, Vocal, Global

Logo of opposition INDIA : বিৰোধী দল I.N.D.I.A.ৰ মিত্ৰতাৰ ল’গ’ উন্মোচন হোৱাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ২১আগষ্ট : মুকলি হ’ব বিৰোধী ঐক্যৰ ল’গ’। দেওবাৰে এক সূত্ৰই প্ৰকাশ কৰে যে বিৰোধী দল I.N.D.I.A.ৰ মিত্ৰতাৰ ল’গ’ উন্মোচন হোৱাৰ সম্ভাৱনা আছে ।

এক সূত্ৰৰ তথ্য অনুসৰি, ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত বিৰোধীৰ বৈঠকৰ সময়ত I.N.D.I.A.ৰ মিত্ৰতাৰ ল’গ’ উন্মোচন হোৱাৰ সম্ভাৱনা আছে । জানিব পৰা মতে, দেশৰ বিত্তীয় ৰাজধানীত I.N.D.I.A. মিত্ৰজোঁটৰ তৃতীয়খন বৈঠকত ২৬ টাতকৈও অধিক ৰাজনৈতিক দলৰ প্ৰায় ৮০ জন নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে (Logo of opposition INDIA)। আৰু আগন্তুক দুদিনীয়া বৈঠকত কেইবাটাও দলে মিত্ৰতাত যোগদান কৰিবলৈ সাজু হৈছে বুলি সূত্ৰই জানিবলৈ দিলে । তেওঁলোকৰ মতে ১ ছেপ্টেম্বৰত দিনজোৰা আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে I.N.D.I.A. দলৰ ল’গ’ উন্মোচন কৰাৰ সম্ভাৱনা আছে(Opposition Alliance in INDIA Set to Reveal Logo During Mumbai Gathering on September 1st) ।

উল্লেখ্য যে, ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে একগোট হৈ ২৬ টা দলৰ মিত্ৰজোঁট I.N.D.I.A.গঠন কৰা হয় । I.N.D.I.A. ৰ প্ৰথমখন বৈঠক জুন মাহত পাটনাত আৰু দ্বিতীয়খন বৈঠক বিগত মাহত বেংগালুৰুত অনুষ্ঠিত হৈছিল । ৫ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি I.N.D.I.A. নেতাসকলৰ লগতে ৩১ আগষ্টৰ সন্ধিয়া ৬ বজাৰ পূৰ্বে মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী(Logo of opposition INDIA alliance likely to be unveiled during its upcoming Mumbai meeting) ।

এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, অহা ৩১ আগষ্টত মুম্বাইৰ গ্ৰেণ্ড হায়াট হোটেলত বিৰোধী মিত্ৰজোঁটৰ সৈতে উপস্থিত থাকিব শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে । ১ ছেপ্টেম্বৰত একেটা স্থানতে বৈঠক অনুষ্ঠিত হ’ব আৰু তাৰ পিছত সংবাদমেল সম্বোধন কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে । এই বৈঠকৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণ অনুষ্ঠানত বহু কংগ্ৰেছ দলৰ ৰাজ্যিক আৰু মুম্বাইৰ কৰ্মকৰ্তা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

১ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধী মধ্য মুম্বাইৰ ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয় তিলক ভৱনলৈ যোৱাৰ সম্ভাৱনা আছে । ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকখন সফল কৰি তুলিবৰ পাবে মহা বিকাশ আঘাদীৰ শাৰদ পাৱাৰ, অশোক চাভান, উদ্ধৱ থাকৰে ধৰি সকলো নেতাই পৰিকল্পনা যুগুত কৰিছে বুলি মহাৰাষ্ট্ৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি নছিম খানে কয় ।লগতে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে কয় যে, হোটেলখনত উপস্থিত হোৱাৰ লগে লগে দৰ্শনাৰ্থীসকলক পৰম্পৰাগতভাৱে আদৰণি জনোৱা হ’ব ।

লগতে পঢ়ক :PM will change Constitution: ২০২৪ত পুনৰ শাসনলৈ আহিলে প্ৰধানমন্ত্ৰীয়ে সংবিধান সলনি কৰিব- লালন সিং