অসমসহিতে বানপানী আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৫ ৰাজ্যলৈ কেন্দ্ৰ চৰকাৰৰ অতিৰিক্ত সাহায্য

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত এক উচ্চস্তৰীয় সমিতিয়ে ২০২০ চনত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে বানপীড়িত আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৫খন ৰাজ্যলৈ ১,৭৫১ কোটি টকাৰ অতিৰিক্ত সাহায্যত অনুমোদন জনাইছে।
এই ৰাজ্যকেইখন হৈছে অসম, অৰুণাচল প্ৰদেশ, ওড়িশা, তেলেংগানা আৰু উত্তৰ প্ৰদেশ। ইয়াৰে অসমলৈ ৪৩৭.১৫ কোটি, অৰুণাচল প্ৰদেশলৈ ৭৫.৮৬ কোটি, ওড়িশালৈ ৩২০.৯৪ কোটি, তেলেংগানালৈ ২৪৫.৯৬ কোটি আৰু উত্তৰ প্ৰদেশলৈ ৩৮৬.০৬ কোটি টকাৰ সাহায্য আগবঢ়াইেছ বুলি জানিব পৰা গৈছে।