Local, Vocal, Global

কৃষকৰ প্ৰতিবাদ ৰুধিবলৈ কর্তন কৰিলে ইণ্টৰেনেট সেৱা

কৃষকৰ প্ৰতিবাদত কঁপিছে দিল্লীৰ মছনদ। কৃষকৰ প্ৰতিবাদ ৰুধিবলৈ নিতৌ ন ন কৌশল অৱলম্বন কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। কৃষকৰ জংগী ৰূপ ৰুধিবলৈ বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে ইণ্টাৰনেট কর্তনৰ নির্দেশনা। ২৬ জানুৱাৰীত লালকিল্লাত কৃষকৰ ধর্মীয় পতাকা উত্তোলন কৰি কঁপাই তুলিছিল সমগ্ৰ দেশ। তাৰ পিছতেই দিল্লীৰ সীমান্তৱর্তী অঞ্চল গাজিপুৰ, সিংঘু, টিক্ৰীত কর্তন কৰিছে ইণ্টাৰনেট। অনির্দিষ্টকাললৈ অস্থায়ীভাৱে চৰকাৰ-প্ৰশাসনে কর্তন কৰিলে ইণ্টাৰনেট।