Local, Vocal, Global

চৰকাৰৰ বিনা অনুমতিত তদন্ত কৰিব নোৱাৰিব CBI-এ

মহাৰাষ্ট্ৰ চৰকাৰে বুধবাৰে তদন্তকাৰী সংস্থা চিবিআইক প্ৰদান কৰা বিশেষ ক্ষমতা প্ৰত্যাহাৰ কৰিছে৷ ইয়াৰ লগে লগে চিবিআইয়ে মহাৰাষ্ট্ৰত তদন্ত চলাবলৈ হ’লে এতিয়াৰে পৰা ল’ব লাগিব মহাৰাষ্ট্ৰ চৰকাৰৰ অনুমতি৷ বিজেপিৰ শাসনত নথকা তিনিখন ৰাজ্য ক্ৰমে ৰাজস্থান, চত্তীশগড়, পশ্চিমবংগই চিবিআইক প্ৰদান কৰা সাধাৰণ ক্ষমতা প্ৰত্যাহাৰ কৰিছে৷ এই তিনিওখন ৰাজ্যতো চিবিআই-এ তদন্ত চলাবলৈ হ’লে আগতীয়াকৈ ল’ব লাগিব ৰাজ্য চৰকাৰকেইখনৰ অনুমতি৷ খবৰ অনুসৰি মহাৰাষ্ট্ৰ চৰকাৰৰ এই সিদ্ধান্তই সুশান্ত সিং ৰাজপুতৰ চিবিআইৰ তদন্ত প্ৰভাৱ নেপেলায়৷ কাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত সুশান্ত সিং হত্যাৰ তদন্ত চলাই আছে চিবিআই-এ৷ উত্তৰ প্ৰদেশ চৰকাৰে টিআৰপি কেলেংকাৰিক লৈ গোচৰ ৰুজু কৰি চিবিআইৰ হাতত গোচৰৰ তদন্ত জাপি দিয়াৰ এদিনৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰৰ এই সিদ্ধান্ত৷ হিন্দুস্তান টাইমছৰ খবৰ মতে চিবিআইৰ জৰিয়তে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ চৰকাৰে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে চলাই থকা তদন্তৰ খবৰ দিব বিচাৰিছে৷ আৰু সেইবাবেই উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷