Local, Vocal, Global

অভিযোগ,তদন্ত,ৰায় যদি আপুনিয়ে প্ৰদান কৰে, তেন্তে আদালতৰ কাম কি?

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছৰে পৰা আৰক্ষীৰ বাহিৰেও দেশৰ প্ৰায় সকলোবোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছিল। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত দেশৰ মিডিয়াই আৰম্ভ কৰা ট্ৰায়েলৰ বিষয়ত বোম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা বহুকেইখন আবেদনৰ শুনানি কৰি আদালতে ৰিপাব্লিকক কয় “তদন্ত আপুনিয়ে কৰে, অভিযোগ আপুনিয়ে উত্থাপন কৰে, ৰায়ো যদি আপুনিয়ে প্ৰদান কৰে তেতিয়াহ’লে আদালত কিহৰ বাবে আছে?” যদিও এইটো এটা চিনেমাৰ ডাইল’গৰ দৰে লাগিছে কিন্তু এই কথা বোম্বে উচ্চ ন্যায়ালয়ে ৰিপাব্লিক চেনেলৰ ৰিপৰ্টিঙৰ কথা উল্লেখ কৰি ব্যক্ত কৰিছে।

ৰিপাব্লিকক প্ৰতিনিধিত্ব কৰা অধিবক্তা মালৱিকা ত্ৰিৱেদীয়ে আদালতক জানিবলৈ দিয়ে যে সুশান্ত সিঙৰ আত্মহত্যাৰ ঘটনাৰ তদন্তত ৰৈ যোৱা কিছু কথা অনুসন্ধানমূলক সাংবাদিকতাৰ জৰিয়তে ৰিপাব্লিকে মানুহৰ সন্মুখত প্ৰচাৰ কৰিছিল আৰু আদালতে চেনেলক এইক্ষেত্ৰত বাধা আৰোপ কৰিব নোৱাৰে। তাৰ উত্তৰত আদালতে কয় যে অনুসন্ধানমূলক সাংবাদিকতা কৰাৰ অধিকাৰ সকলোৰে আছে কিন্তু এইবোৰ কৰাৰো এটা নিয়ম আছে আৰু নিয়মৰ উলংঘন কৰাটো সহ্য কৰা নহ’ব। বোম্বে আদালতে কয়, ” সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিলে নে তেওঁক হত্যা কৰা হ’ল সেই ঘটনাৰ তদন্ত চলি থাকোতেই আপুনি আপোনাৰ চেনেলত চিঞৰি চিঞৰি সেই ঘটনাক কেনেকৈ হত্যাকাণ্ড বুলি অভিহিত কৰিব পাৰে। কাক গ্ৰেপ্তাৰ কৰিব লাগে, কাক গ্ৰেপ্তাৰ কৰিব নালাগে, সেই কথাক লৈ আপুনি মানুহৰ পৰা কেনেকৈ জনমত সংগ্ৰহ কৰিছিল? এইটো আপোনাৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে নেকি? আমি সাংবাদিকতাৰ ওপৰত বাধা আৰোপ কৰিব বিচৰা নাই, কিন্তু আইনৰ ভিতৰত থাকি অনুসন্ধানমূলক সাংবাদিকতা কৰক। আপোনাক সকলো কাম কৰিবলৈ স্বাধীনতা দিয়া হৈছে কিন্তু সেইটো আপুনি এটা পৰিধিৰ ভিতৰত থাকি কৰিব লাগিব।”
আদালতে ৰিপাব্লিক টিভিৰ অধিবক্তাক কয় যে আপুনি নাজানে নেকি যে আমাৰ সংবিধানে তদন্তৰ অধিকাৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিছে। আত্মহত্যাৰ ঘটনাৰ নিয়ম আপোনালোকে নাজানে নেকি? যদি নাজানে তেতিয়াহলে CRPCৰ নিয়ম পঢ়ি লওঁক। আদালতে কঠোৰ ভাষাৰে ৰিপাব্লিক কয় যে “এজন মৃত ব্যক্তিক লৈ আপোনাৰ মনত কোনো ভাৱনা নাই। সুশান্ত সিঙৰ ঘটনাক লৈ আপোনাৰ চেনেলে যিবোৰ কথা কলে, সেইবোৰ কথা সমৰ্থন কৰিব পৰা নাযায়।”