মাজুলীৰ নামনি অঞ্চলৰ কৃষি ভূমিত এতিয়া শুঁৰ পোকৰ উপদ্ৰৱ
মাজুলীৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাত৷ নামনি মাজুলীৰ বিভিন্ন স্থানত এতিয়া শুঁৰপোকে নিদ্ৰা হৰিছে কৃষকৰ ৷ বান আৰু গঢ়াখহনীয়াই জুৰুলা কৰা কৃষকে এতিয়া ৰবি শস্যৰ কৃষি কৰ্মত ব্যস্ত হৈছিল যদিও পুনৰ মাজুলীৰ কৃষক সকল সন্মূখীন হৈছে আন এক বিপদৰ ৷
নামনি মাজুলীৰ বিভিন্ন স্থানৰ বিশাল কৃষিভূমিত শুৰ পোকৰ সন্ত্ৰাসে চকুৰ টোপনি হৰিছে কৃষকৰ । বাৰিষাৰ বানপানীয়ে অঞ্চলটোৰ বিস্তৃত শালি ধানৰ খেতি নষ্ট কৰাৰ পাছত দুখীয়া কৃষকে শ শ বিঘা কৃষিভূমিত দুবাৰকৈ মাটি মাহৰ বীজ সিচিও শুঁৰ পোকৰ উপদ্ৰৱত কৃষক সকলে এতিয়া মূৰে–কপালে হাত দিব লগীয়া হৈছে । কৃষিৰ ওপৰত নিৰ্ভৰশীল গাঁৱৰ কৃষক পৰিয়ালৰ জীৱনলৈ এতিয়া যেন অন্ধকাৰ নমাই আনিছে এই শুঁৰপোকে । এনে অৱস্থাত মাজুলী জিলা কৃষি বিভাগে দৰিদ্ৰ কৃষক সকলৰ ওচৰত থিয় নোহোৱাত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে কৃষক সকল ।