১০খন জিলাত শতকৰ ঘৰ স্পৰ্শ কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্যই
অসমত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। ৰাজ্যখনৰ ১০ খন জিলাত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যই অতিক্ৰম কৰিছে ১০০ ঘৰ। ১০ খন জিলা হৈছে- ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, নগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, ওদালগুৰি, কৰিমগঞ্জ আৰু শিৱসাগৰ।
দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো পেট্ৰ’লৰ মূল্য নিয়মীয়াকৈ বৃদ্ধি পাইছে। শেহতীয়া ০.২৮ টকা বৃদ্ধিৰ ফলত গুৱাহাটীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৩১ টকালৈ বৃদ্ধি হৈছে।
ডিজেলৰ মূল্যও বৃদ্ধি হৈ প্ৰতি লিটাৰত ৯১.৪৬ টকা হৈছে। সমগ্ৰ দেশতে একেৰাহে তৃতীয় দিনৰ বাবে ইন্ধনৰ মূল্যবৃদ্ধি পাইছে। সমগ্ৰ ভাৰতত ইন্ধনৰ মূল্য নিয়মীয়াকৈ বৃদ্ধি হৈ আহিছে, যাৰ ফলত কেইবাখনো মুখ্য চহৰত ইয়াৰ মূল্যই ১০০ অতিক্ৰম কৰিছে।পেট্ৰ’লৰ মূল্যই ১০০ অতিক্ৰম কৰা দেশৰ প্ৰথম চহৰ আছিল ভূপাল।