কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ চকা বন্ধ
আপোনাৰ যদি ক’ৰবালৈ যাত্ৰা কৰিবলৈ মন আজিয়েই কৰক৷ অন্যথা কাইলৈৰ পৰা পৰিব বিপদত৷ সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল৷ মূলতঃ ভাড়া সংক্ৰান্তীয় বিবাদৰ বাবেই কাইলৈৰ পৰা যাত্ৰীবাহী সৰু-বৰ সকলো বাহনৰ চলাচল বন্ধ ৰখাৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহন সন্থাৰ৷ লকডাউন, আনলক প্ৰক্ৰিয়াত ৰাজ্যত বাহনৰ মালিকসকল বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে৷ শেহতীয়াকৈ যাত্ৰীসকলেও ভাড়া দুগুণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷ অভিযোগ-প্ৰতিঅভিযোগৰ মাজেৰেই সোমবাৰৰ পৰা মটৰ পৰিবহন সন্থাই অৰ্নিদিষ্ট কাললৈ চকা বন্ধৰ সিদ্ধান্ত লৈছে৷ মটৰ পৰিবহন সন্থাই চৰকাৰৰ পৰা বিগত সময়চোৱাত হোৱা ক্ষয়-ক্ষতিৰ বিচাৰি দাবী জনাইছে৷ মটৰ পৰিবহন সন্থাৰ চকা বন্ধৰ আহ্বানৰ পাছত যদিহে কাইলৈৰ পৰা ৰাজ্যৰ বাহনসমূহৰ চলাচল বন্ধ হৈ পৰে তেন্তে জনসাধাৰণৰ মাজত বাৰুকৈ প্ৰভাৱ পৰিব৷