Local, Vocal, Global

বাক্সাত মডেল বিটিচিৰ উন্নয়নৰ ফোপোলা স্বৰূপ

বাক্সাত বিপদসংকুল যাত্ৰা ৷ কলৰ ভূঁৰে দৈনিক যাতায়ত সহস্ৰাধিক ৰাইজৰ ৷ কলৰ ভূঁৰে যাতায়তৰ একমাত্ৰ মাধ্যম এটা অঞ্চলৰ ৷

হাগ্ৰামাৰ মডেল বিটিচিৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত লাউকাটাৰ ৰাইজৰ বিপদসংকুল যাতায়ত৷ লাউকাটা-ৰূপহী সংযোগী পথৰ কালদিয়া নদীত এখন দলং নথকাৰ বাবে কলৰ ভূঁৰৰে যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে ৷

উল্লেখ্যে যে, বিগত প্ৰথমটো বানত পথটোৰ কালদিয়া নদীৰ ওপৰত থকা কাঠৰ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ পাছত ৰাইজে নদীৰ ওপৰত এখন বাহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰি আহিছিল৷ পিছে চাৰিমাহ পূৰ্বে পুনৰ বাঢ়নী পানীয়ে বাহৰ দলংখন উটুৱাই নিয়ে ফলত এতিয়া কলৰ ভূঁৰেৰে যাতায়তৰ একমাত্ৰ মাধ্যম হৈ পৰিছে ৷ স্থানীয় ৰাইজে জানিব দিয়া মতে কলৰ ভূঁৰেৰে নদী পাৰ হ’বলৈ হ’লে ভৰিব লাগে জেপৰ ধন ৷  এজন পথচাৰীয়ে পাঁচ টকাৰ পৰা পঞ্চাশ টকালৈ খৰচ কৰিব লাগে হৈছে ৷ অঞ্চলটোৰ ৰাইজে লাউকাটা-ৰূপহী সংযোগী পথৰ এই কালদিয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ৷ যাৰবাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰি আহিছে ৷