Local, Vocal, Global

২৬ ডিচেম্বৰ বা তাৰ পূর্বে বিটিচিত আস্থা ভোটৰ নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

সদ্য সমাপ্ত বিটিচি নির্বাচনৰ পাছত ৰাজ্যপালৰ অনুমোদন সাপেক্ষে গঠন হোৱা প্ৰমোদ বড়োৰ নেতৃত্বাধীন পৰিষদ সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক তাৎপর্যপূর্ণ নির্দেশ। ২৬ ডিচেম্বৰ বা তাৰ পূর্বে পৰিষদত অনুষ্ঠিত কৰিব লাগিব আস্থা ভোট। যৌথ আস্থা ভোটত নৱনির্বাচিত পাৰিষদ সকলে ভোটদানৰ জড়িয়তে নির্বাচন কৰিব লাগিব নতুন মুখ্য কার্যবাহী৷ এই নির্বাচন প্ৰক্ৰিয়াত বিজেপি, ইউ পি পি এল, জি এছ পি মিত্ৰজোঁটৰ নেতৃত্ব লোৱা প্ৰমোদ বড়ো বা আন যিকোনো পাৰিষদে প্ৰার্থিত্ব আগবঢ়াব পাৰিব৷অর্থাৎ প্ৰমোদ বড়োৰ বিপৰীতে বিপিএফৰ কোনো সদস্যয়ো মুখ্য কার্যবাহী পদৰ বাবে আস্থা ভোট বিচাৰিব পাৰিব৷ আস্থা ভোটত জয়ী হোৱা পাৰিষদজনকে নতুন মুখ্য কার্যবাহী ৰূপে ধৰা হ’ব৷ আনহাতে পৰিষদলৈ মনোনীত সদস্যসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব৷ন্যায়ালয়ৰ এই নির্দেশে হাগ্ৰামা মহিলাৰীকো  শক্তি প্ৰদর্শনৰ সুযোগ দিলে৷ আস্থা ভোট অনুষ্ঠিত নোহোৱা পর্যন্ত বিটিচিৰ প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদে কোনো গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব নোৱাৰিব বুলি নির্দেশ দিয়ে৷বিটিচিত প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদ নিযুক্তি প্ৰক্ৰিয়াক হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ আন একাংশ নির্বাচিত প্ৰতিনিধিয়ে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল৷