Local, Vocal, Global

১১ লাখ টকাৰ গেম ক্ৰয় ৬ বছৰীয়া শিশুৰ

মাতৃৰ আইপেডৰ দ্বাৰা গেম ক্রয় কৰি ১১ লাখ টকা ব্যয় কৰিলে এটি কণমানিয়ে। মাত্র ৬ বছৰীয়া জর্জ জনছন আমেৰিকাৰ উলিংটনৰ বাসিন্দা। কণমানিটোৱে বিশেষভাৱে পছন্দ কৰে সেনাবাহিনীৰ ভিডিঅ’ গেম খেলিবলৈ। সেয়েহে মাতৃৰ আইপেডৰ দ্বাৰা ১৬ হেজাৰ ডলাৰৰ গেম ক্ৰয় কৰি পেলায়। ভাৰতীয় মুদ্রাত ই হ’বগৈ প্রায় ১১ লাখ টকা। বেংক একাউণ্টৰ পৰা হঠাতে ইমান বিশাল অংকৰ ধন নোহোৱা হোৱাত কণমানিটোৰ মাতৃ জেছিকাই প্রথমে প্ৰতাৰণাৰ বলি হোৱা বুলি ভাবে; কিন্তু বেংকলৈ যোৱাৰ পাছত সমগ্ৰ বিষয়টো পৰিষ্কাৰ হৈ পৰে। অধিক খবৰ লোৱাৰ পাছত ‘এপল’ আৰু ‘পে পেল’ৰ পৰা এই ধন কাটি নিয়াৰ বিষয়ে জ্ঞাত হয়।জেছিকাই বেংকত প্ৰতাৰণাৰ গোচৰ দিব বিচৰাত এই বিষয়ত এপলৰ লগত যোগাযোগ কৰাৰহে পৰামর্শ ব্যক্ত কৰে। এই যোগাযোগৰ পাছত জেছিকাই জানিব পাৰে যে সেনাবাহিনীৰ গেমত নতুন চৰিত্ৰ তথা অধিক সুবিধা পাব পৰাকৈ বিভিন্ন সামগ্রী ক্রয় কৰিছে জর্জে ।