Local, Vocal, Global

২০২০ বৰ্ষটো কাৰাগাৰতে পাৰ হ’ব অখিল গগৈৰ

ৰাজ্যজুৰি অখিল গগৈৰ মুক্তিৰ দাবী, আনহাতে এনআইএৰ আদালতত অখিলৰ জামিন আৱেদনৰ শুনানি। কাৰ্যতঃ ২০২০ বৰ্ষটোৰ বাকী থকা দিনকেইটাত পৰিস্থিতিৰ কোনো সালসলনি নহ’ল। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বছৰটোৰ অৱশিষ্ট দিনকেইটাও কাৰাগাৰতে কটাব লাগিব কৃষক নেতাজনে। এনআইএৰ আদালতত অখিল গগৈৰ জামিন আৱেদনৰ শুনানি সম্পূৰ্ণ হ’ল যদিও বাকী থাকিল ৰায়দান প্ৰক্ৰিয়া। এনআইএ আৰু অখিল গগৈৰ অধিবক্তাৰ যুক্তি শুনিলে ন্যায়ালয়ে। কিন্তু ৰায়দানৰ তাৰিখৰ পূৰ্বে আৰম্ভ হ’ব আদালতৰ শীতকালীন বন্ধ। বন্ধ খোলাৰ পিছত হয়তো ৪ জানুৱাৰীতহে এনআইএৰ আদালতে অখিল গগৈৰ জামিন সন্দৰ্ভত চূড়ান্ত ৰায় প্ৰদান কৰিব। ‘কা’বিৰোধী আন্দোলনত জড়িত কৃষক নেতাজনৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি ২০১৯ৰ ১২ ডিচেম্বৰত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৰ্থাৎ অখিল গগৈৰ বন্দিত্বৰ এটা বছৰ পাৰ হৈ গ’ল। ৰাজ্যৰ প্ৰায় সকলোৱে কৃষক নেতাজনৰ মুক্তিৰ দাবী তুলি আহিছে যদিও এইক্ষেত্ৰত আইনী প্ৰক্ৰিয়া এবছৰতো শেষ নহ’ল। এতিয়া অপেক্ষা ২০২১ৰ প্ৰথম সপ্তাহলৈ। হয়তো দীৰ্ঘ বন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই আহিব অখিল গগৈ অথবা আৰু দীঘলীয়া হ’ব অখিল গগৈৰ বন্দিত্ব।