Local, Vocal, Global

মুছলপুৰত নৃশংস হত্যাকাণ্ড

নিউজ ডেস্ক, ১৭ জুন : ৰাজ্যৰ অপৰিৱৰ্তিত ভয়াৱহ বান পৰিস্থিতিৰ মাজতে Mushalpurৰ চিমলাবস্তিত সংঘটিত হৈছে নিশংস হত্যাকাণ্ড।

ভাৰত-ভূটান সীমান্তৰ ভূটানখুটি চিমলাবস্তিত কুলাংগাৰ স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে নিজ পত্নীক ।

নিজ স্ৱামী দীপক চৌধুৰী হাততে মৃত্যু হ’ল কৃষ্টিনা তিৰ্কী নামৰ মহিলাগৰাকীৰ ।

পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয়লোকে । অৱশ্যে পৰৱৰ্তী সময়ত অনুসন্ধানত পোহৰলৈ আহিব প্ৰকৃত সত্য।