Local, Vocal, Global

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৯ তম জন্মদিন

নিউজ ডেস্ক, ১৭ জুন : আজি ১৭ জুন । অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৯ তম জন্মদিন।

জ্যোতি ! জ্যোতি মানে পোহৰ। সঁচাকৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ এক চিৰ-উজ্জ্বল পোহৰ যি আমাক আগবঢ়াই লৈ গৈছে আৰু এক মহান উজ্জ্বল ভৱিষ্যতৰ ফালে।

সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙনি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ” বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক “শিল্পী দিৱস” ৰূপে পালন কৰা হয়।

তেখেতে অসমীয়া সাহিত্যলৈ অগবঢ়োৱা অনবদ্য অৱদানসমূহ হৈছে–

গল্প

  • ৰূপহী
  • বগীতৰা
  • সোণতৰা
  • সোণটিৰ অভিমান
  • যুঁজাৰু
  • সতীৰ সোঁৱৰণি
  • সন্ধ্যা
  • শিলাকুটি
  • নীলাচৰাই

কবিতা

  • লুইতৰ পাৰৰ অগ্নিসুৰ
  • জ্যোতি ৰামায়ণ
  • উপন্যাস
  • আমাৰ গাঁও

কবিতা

  • জ্যোতিৰ্ধাৰা
  • চন্দ্ৰকুমাৰ আগৰৱালা
  • Background of Assamese Architecture

শিশু-সাহিত্য
তেখেতে তেৰটামান শিশু উপযোগী কবিতা লিখি থৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে “কম্পুৰ সপোন”।

কলা-সংস্কৃতিলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান


চলচ্চিত্ৰ
জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়।[7] তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।

জয়মতী (১৯৩৫)
ইন্দ্ৰমালতী (১৯৩৯)
গীত
জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি কোৱা হয়।

নাটক
সম্পূৰ্ণ নাটক

  • শোণিত কুঁৱৰী (১৯২৫)
  • কাৰেঙৰ লিগিৰী (১৯৩o)
  • লভিতা (১৯৪৮)
  • ৰূপালীম (১৯৩৮)
  • নিমাতী কইনা (১৯৬৪)
  • খনিকৰ (১৯৭৭)

অসম্পূৰ্ণ নাটক

  • কনকলতা
  • সুন্দৰকোঁৱৰ
  • সোণপখিলী

অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতিৰক্ষামূলক ডাকটিকট মুকলি কৰে। আৰু এই টিকটটোৰ মূল্য পাঁচ টকা।